ETV Bharat / bharat

ৰাজস্থানত ধৰ্ষণৰ বলি হোৱা নাবালিকাই প্ৰসৱ কৰিলে এটি দেৱশিশু - উমেদ হাস্পতাল

ৰাজস্থানৰ যোধপুৰত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা । ধৰ্ষণৰ বলি হোৱা এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে জন্ম দিলে এটি পুত্ৰ সন্তান । যোধপুৰস্থিত উমেদ হাস্পতালত সন্তানটি প্ৰসৱ কৰে কিশোৰীগৰাকীয়ে ।

ধৰ্ষণৰ বলি হোৱা নাবালিকাই প্ৰসৱ কৰিলে এটি দেৱশিশু

author img

By

Published : Dec 29, 2020, 4:50 PM IST

নেশ্যনেল ডেস্ক, ২৯ ডিচেম্বৰ: বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ বয়সত এটি শিশুৰ মাতৃ হ'ল ৰাজস্থানৰ যোধপুৰ এগৰাকী ১২ বছৰীয়া কিশোৰী । সোমবাৰে যোধপুৰস্থিত উমেদ হাস্পতালত এটি পুত্ৰ সন্তান প্ৰসৱ কৰে কিশোৰীগৰাকীয়ে । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ৯ মাহ পূৰ্বে ঘৰৰ ওচৰৰে এটা নৰপিশাচে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীগৰাকীক ধৰ্ষণ কৰিছিল । আৰক্ষীয়ে পিছত অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।

ধৰ্ষণৰ অভিযুক্ত ৩০ বছৰীয়া লোকজনে কিশোৰীগৰাকীৰ ঘৰৰ ওচৰতে বাস কৰে । নিজৰ মোবাইল ফোনটো কিশোৰীগৰাকীক দেখুওৱাৰ প্ৰলোভন দি অসৎ মনোবাঞ্চা চৰিতাৰ্থ কৰে নৰপিশাচটোৱে । পিছত কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটাত স্থানীয় চিকিৎসালয়লৈ নিয়া হয় । ইয়াৰ পিছত উন্নত চিকিৎসাৰ বাবে কিশোৰীগৰাকীক হ'প হাস্পতাললৈ প্ৰেৰণ কৰা হয় । কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা পৰিয়ালৰ লোকক অৱগত কৰোৱাৰ পিছতে তেওঁলোকে আৰক্ষীক অভিযোগ দাখিল কৰে ।

লগতে পঢ়ক:জন্মদিনত পিতৃ ৰাজেশ খান্নাক স্মৰণ টুইংকল খান্নাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.