ETV Bharat / bharat

আদি গুৰু শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ মূৰ্তি উন্মোচন কৰিলে প্ৰধানমন্ত্ৰীয়ে - কৰ্ণাটক

শুকুৰবাৰে উত্তৰাখণ্ডত আদি গুৰু শংকৰাচাৰ্য(Adi Guru Shankaracharya)ৰ মূৰ্তি উন্মোচন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে । আদি গুৰু শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ মূৰ্তিটো নিৰ্মাণ কৰিছে মহীশূৰৰ ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে ।

Statue of Adi Guru Shankaracharya unveiled
আদি গুৰু শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ মূৰ্তি উন্মোচন কৰিলে প্ৰধানমন্ত্ৰীয়ে
author img

By

Published : Nov 5, 2021, 11:22 AM IST

নেশ্যনেল ডেস্ক, ৫ নৱেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলীতে আদি গুৰু শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ মূৰ্তি উন্মোচন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে । শুকুৰবাৰে উত্তৰাখণ্ডত মূৰ্তিটো উন্মোচন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । আদি গুৰু শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ মূৰ্তি নিৰ্মাণ কৰিছে মহীশূৰৰ ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে । ৰাজ্যখনৰ পৰা চাৰিটা মূৰ্তিৰ আৰ্হি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল ।

ইয়াৰ ভিতৰত মহীশূৰৰ ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজৰ আৰ্হিক বাছনি কৰা হয় আৰু পিছত কৃষ্ণশিলা শিলৰ ৩৫ টন ওজনৰ মূৰ্তিটো নিৰ্মাণ কৰে ভাস্কৰ্য শিল্পীগৰাকীয়ে । কৃষ্ণশিলা শিল হৈছে এনে শিল, যি ৰ'দ-বৰষুণৰ লগতে যিকোনো প্ৰাকৃতিক দুৰ্যোগত সহজে ক্ষতিগ্ৰস্ত নহয় । অষ্টম শতিকাত শংকৰাচাৰ্যই তেওঁৰ দৰ্শন প্ৰচাৰৰ বাবে ভাৰতীয় উপ-মহাদেশত ভ্ৰমণ কৰিছিল । ইটিভি ভাৰতৰ সাংবাদিকৰ আগত ভাস্কৰ্য শিল্পী যোগীৰাজে কয় যে, এই মূৰ্তি নিৰ্মাণ কৰিবলৈ পাই তেওঁ অত্যন্ত সুখী ।

কিয়নো তেওঁৰ কামক ৰাইজে স্বীকৃতি দিছে । তেওঁ লগতে কয় যে, মানুহে যেতিয়া কয় যে মূৰ্তি সুন্দৰ হৈছে তেওঁ তেতিয়া আনন্দিত হৈ পৰে । যোগীৰাজে জনোৱা মতে তেওঁৰ পিতৃ পেছাত শিক্ষক আছিল ।

তেওঁ নিৰ্মাণ কৰা মূৰ্তি কেদাৰনাথ ধামত স্থাপন কৰাটো কৰ্ণাটকৰ বাবে সৌভাগ্যৰ কথা । তেওঁ লগতে কয় যে, তেওঁৰ আৰ্হিয়ে যোৱা ছেপ্টেম্বৰ মাহত অনুমোদন লাভ কৰিছিল আৰু পিছত ১২ ফুট উচ্চতাৰ মূৰ্তিটো নিৰ্মাণৰ বাবে তেওঁক নিৰ্দেশ দিয়া হৈছিল । মূৰ্তি নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত, মূৰ্তিটোৰ কেদাৰনাথলৈ লৈ যোৱাৰ বিষয়ে আলোচনা কৰাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয় ।

চিনুক হেলিকপ্টাৰেৰে মূৰ্তিটো কেদাৰনাথলৈ নিয়া হয় । ২০১৩ চনৰ বানত শংকৰাচাৰ্যৰ সমাধি ক্ষতিগ্ৰস্ত গৈছিল । এতিয়া নতুনকৈ মূৰ্তিটো নিৰ্মাণ কৰা হৈছে ।

আজি প্ৰধানমন্ত্ৰী মোডীয়ে ১৩০ কোটি টকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পও উদ্বোধন কৰিব । এই প্ৰকল্পবোৰৰ ভিতৰত আছে সৰস্বতী ৰিটেইনিং ৱাল আস্থাপথ আৰু ঘাট, মন্দাকিনী ৰিটেইনিং ৱাল আস্থাপথ, তীৰ্থ পুৰোহিতৰ ঘৰ নিৰ্মাণ আৰু মন্দাকিনী নদীৰ ওপৰত গৰুড় চাট্টি দলং নিৰ্মাণ আদি । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেইবাটাও প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব ।

লগতে পঢ়ক:দেশত এইবাৰ তীব্ৰ গতিত বৃদ্ধি পাইছে জিকা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.