ETV Bharat / bharat

Covid-19: দেশত নতুনকৈ আক্ৰান্ত ১১,৮৫০ গৰাকী,মৃত্যু ৫৫৫ জনৰ - প্ৰতিষেধক

দেশত দ্ৰুতগতিত টীকাকৰণ অভিযান চলাই থকাৰ মাজতে ক'ভিডৰ সংক্ৰমণ বিভিন্ন ঠাইত অব্যাহত আছে । যোৱা ২৪ ঘণ্টাত দেশত ৫৫৫ গৰাকী লোকে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে । ১২,৪০৩ গৰাকী ৰোগী আৰোগ্য হৈছে ।

India
দেশত নতুনকৈ আক্ৰান্ত ১১৮৫০ গৰাকী
author img

By

Published : Nov 13, 2021, 11:44 AM IST

নেশ্যনেল ডেস্ক, ১৩ নৱেম্বৰ : দেশত এতিয়াও অব্যাহত আছে কৰ'ণাৰ (Corona) সংক্ৰমণ । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে (Union Health Ministry) শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১১,৮৫০ গৰাকী লোক নতুনকৈ ক'ভিডত (Covid) আক্ৰান্ত হৈছে আৰু ৫৫৫ গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে । ইয়াৰ লগে লগে দেশত ক'ভিডত মৃত্যুৰ সংখ্যা ৪,৬৩,২৪৫ গৰাকীলৈ বৃদ্ধি হয় ৷

আনহাতে, যোৱা ২৪ ঘণ্টাত ১২,৪০৩ গৰাকী ৰোগী আৰোগ্য (recovery) হৈছে আৰু ইয়াৰ দ্বাৰা দেশত আৰোগ্যৰ সংখ্যা ৩,৩৮,২৬,৪৮,৪৮ গৰাকীলৈ বৃদ্ধি হৈছে ৷ ফলস্বৰূপে, স্বাস্থ্য মন্ত্ৰালয়ৰ (Health Ministry) তথ্য অনুসৰি, ভাৰতত আৰোগ্যৰ হাৰ (recovery rate) হৈছে ৯৮.২৬ শতাংশ । আৰোগ্যৰ এই হাৰ ২০২০ চনৰ মাৰ্চৰ পাছত সৰ্বাধিক ।

ইফালে সমগ্ৰ দেশত সম্প্ৰতি সক্ৰিয় ৰোগীৰ (active caseload) সংখ্যা হৈছে ১,৩৬,৩০৮ গৰাকী । একে সময়তে, সমগ্ৰ দেশত মুঠ ১২,৬৬,৫৮৯ টা নমুনাৰ পৰীক্ষা কৰা হৈছে ।

ভাৰতত এতিয়ালৈকে প্ৰায় ৬২.২৩ কোটিতকৈও অধিক নমুনাৰ পৰীক্ষা (Covid test) কৰা হৈছে । ইয়াৰোপৰি দেশত সাপ্তাহিক আক্ৰান্তৰ হাৰ (positivity rate) ১.০৫ শতাংশ । যোৱা ৫০ দিন ধৰি এই হাৰ ২ শতাংশতকৈও কম হৈ আছে ।

ইয়াৰ বিপৰীতে দৈনিক আক্ৰান্তৰ হাৰ ০.৯৪ শতাংশ । যোৱা ২৪ ঘণ্টাত দেশত প্ৰায় ৫৮,৪২,৫৩০ গৰাকী লোকে প্ৰতিষেধক (Covid Vaccine) গ্ৰহণ কৰিছে । লক্ষণীয়ভাৱে দেশত ক'ভিড টীকাকৰণে (Covid Vaccination) ১১১.৪০ কোটিত উপনীত হৈছে ।

লগতে পঢ়ক :উঠাই লোৱা হ’ব বিশেষ ৰে’ল; স্বাভাৱিক কৰা হ’ব ভাড়া : Ashwini Vaishnaw

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.