ETV Bharat / bharat

11 গৰাকীৰ মহিলাক বিয়া কৰাই আৰক্ষীৰ জালত 22 বছৰীয়া যুৱক

author img

By

Published : Jan 15, 2021, 10:31 PM IST

ফেচবুকৰ জৰিয়তে প্ৰেমৰ জাল পাতি 11 গৰাকী যুৱতী আৰু কিশোৰীৰ স্বামী হ'ল 22 বছৰীয়া এগৰাকী যুৱক ৷ নিজৰেই এগৰাকী পত্নীৰ অভিযোগৰ ভিত্তিত অৱশেষত আৰক্ষীৰ জালত পৰিল 22 বছৰীয়া গনেশ নামৰ যুৱক গৰাকী ৷

Tamil Nadu police nabs 22-year-old who married 11 women

নেচনেল ডেস্ক, 15 জানুৱাৰী: মাত্ৰ 22 বছৰ বয়সতে 11 গৰাকী মহিলা তথা যুৱতীক ফুচুলাই বিয়া কৰাই আৰক্ষীৰ জালত পৰিছে তামিলনাডুৰ 22 বছৰীয়া এজন যুৱক ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে গনেশ নামৰ 22 বছৰীয়া যুৱকজনে ফেচবুকৰ জৰিয়তে যুৱতী তথা মহিলা সকলক ফুচুলাই ইতিমধ্যে 11 গৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে ৷

যুৱক জনৰ এগৰাকী পত্নীয়ে দাখিল কৰা এক অভিযোগৰ পাছতে ভিল্লিবক্কম অল ওমেন পুলিচ ষ্টেচনৰ আৰক্ষী বিষয়াই গনেশক গ্ৰেপ্তাৰ কৰে ৷

যুৱক জনৰ এগৰাকী পত্নী তথা যুৱকজনৰ জালৰ চিকাৰ হোৱা এগৰাকী ভুক্তভোগী মহিলাই কয় যে 2017 চনত ফেচবুকৰ জৰিয়তে গনেশৰ সৈতে তেওঁৰ এক সম্পৰ্ক গঢ়ি উঠে আৰু 2020 চনৰ 5 ডিচেম্বৰত ঘৰৰ অভিভাৱকৰ অজ্ঞাতে গনেশে তেওঁক বিয়া কৰাই ৷

জানিব পৰা মতে বিবাহপাশত আৱদ্ধ হোৱাৰ পাছতে দুয়োগৰাকীয়ে ৰাজাজি নগৰত স্বামী স্ত্ৰী হিচাপে বসবাস কৰিবলৈ লয় ৷ পাছৰ পৰ্যায়ত গনেশে 17 বছৰীয়া এগৰাকী ছোৱালী তেওঁলোকৰ কাম কৰা ছোৱালী হিছাপে লৈ আনে আৰু সেই যুৱতী গৰাকীৰ সৈতে গনেশৰ এক অবৈধ সম্পৰ্ক গঢ় লৈ উঠে ৷

এই কাৰ্যত বিৰোধ কৰাৰ ফলতে গনেশে নিজ পত্নীক শাৰিৰীক ভাৱে অত্যাচাৰ কৰিবলৈ লয় আৰু ইতিপূৰ্বে তেওঁ 11 গৰাকী মহিলাক বিয়া কৰোৱা বুলি স্বীকাৰ কৰাৰ লগতে পূৰ্বৰ পত্নী সকলৰ সৈতে কটোৱা নিবিড় মুহূৰ্তৰ ভিডিঅ' দেখুৱাই ৷

এই ঘটনাৰ পাছতে গনেশৰ জালৰ পৰা মহিলা গৰাকীয়ে পলাই সাৰি আহি ভিল্লিভক্কমৰ এখন মহিলা আৰক্ষী থানাত এক অভিযোগ দাখিল কৰাৰ পাছতে আৰু মহিলা গৰাকীৰ অভিযোগৰ ভিত্তিত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে POCSO আইনৰ বিভিন্ন ধাৰাৰ আধাৰত গনেশক গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়ক:মধ্য়প্ৰদেশৰ জালি সুৰা কাণ্ডৰ তদন্ত আৰম্ভ অনুসন্ধানকাৰী দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.