ETV Bharat / bharat

কৰ্ণাটকত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত 11 গৰাকী

শুকুৰবাৰে পুৱাৰ ভাগত কৰ্ণাটকৰ ধাৰৱাদ জিলাৰ ইট্টিগাট্টি গাঁৱৰ সমীপত হোৱা শোকাৱহ দুৰ্ঘটনাত 11 গৰাকী লোক থিতাতে নিহত হয় আৰু 9 গৰাকী আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্তসকলক চিকিৎসালয়ত ভৰ্তি কৰে আৰক্ষীয়ে ৷

author img

By

Published : Jan 15, 2021, 12:21 PM IST

Karnataka road accident
কৰ্ণাটকত পথ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক,15 জানুৱাৰী : কৰ্ণাটকৰ ধাৰৱাদ জিলাৰ ইট্টিগাট্টি গাঁৱৰ সমীপত শুকুৰবাৰে পুৱাৰ ভাগত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এখন ব্যক্তিগত বাছ আৰু এখন মালবাহী বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত 11 গৰাকী লোক থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় 9 গৰাকীকৈ লোক ৷ বৰ্তমানো নিহত লোককেইজনক চিনাক্ত কৰিব পৰা নাই ৷

পুৱা 8 বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত দুয়োখন বাহন বিপৰীত দিশৰ পৰা তীব্ৰগতিত আহি খুন্দা মৰা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ৷ ঘটনা সংঘটিত হোৱাৰ পাচতে ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷

আহত সকলক নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱাৰ বিপৰীতে সংকটজনক অৱস্থাত থকা সকলক হুবলী কেআইএমএছ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ উল্লেখ্য যে, বাছখন ডাৱানাগেৰৰ পৰা বেলাগভী অভিমুখে গৈ আছিল আৰু মালবাহী বাহনখন বিপৰীত দিশৰ পৰা আহি আছিল ৷

লগতে পঢ়ক : তামিলনাডুৰ বাৰ্ষিক জাল্লিকাট্টু অনুষ্ঠানত আঘাতপ্ৰাপ্ত 58 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.