ETV Bharat / bharat

পানভেলত গণেশ বিসৰ্জনত অঘটন - Incident during Ganesh immersion in Panvel

দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে গণেশ বিসৰ্জন পৰ্ব(Ganesh immersion in different parts of India) । বিশাল আয়োজনেৰে গণপতিক বিদায় জনাওতেই লাগিল অথন্তৰ(Incident during Ganesh immersion in Panvel) । পানভেলত গণেশ বিসৰ্জনৰ সময়তে জেনেৰেটৰ তাংৰ চিঙি ১১ জন ভক্ত বিদ্যুৎস্পৃষ্ট(11 electrocuted during Ganesh visarjan) ।

11 devotees were electrocuted
পানভেলত গণেশ বিসৰ্জনত অঘটন
author img

By

Published : Sep 10, 2022, 10:53 PM IST

নেশ্যনেল ডেস্ক,১০ ছেপ্টেম্বৰ: দেশৰ প্ৰান্তে প্ৰান্তে গণেশ বিসৰ্জনৰ বিশাল আয়োজন(Ganesh immersion in different parts of India) । মুম্বাইৰ বিভিন্ন প্ৰান্ততো বিশাল আয়োজনৰে গণপতি বিদায় দিয়া পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে মুম্বাইৰ পানভেলত সংঘটিত অঘটন(Incident during Ganesh immersion in Panvel) । গণেশ বিসৰ্জনৰ সময়তে জেনেৰেটৰ তাঁৰ চিঙি যোৱাৰ ফলত বিদ্যুৎস্পৃষ্ট হয় ১১ জনকৈ লোক(11 electrocuted during Ganesh visarjan) ।

পানভেলৰ ভাদঘৰ অঞ্চলত অনন্ত চতুৰ্দশীৰ দিনা বিসৰ্জনৰ সময়তে সংঘটিত হয় এই ঘটনা । তীব্ৰ বৈদ্যুতিক শ্বকৰ বাবে বিদ্যুৎস্পৃষ্ট হোৱা ভক্তসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিছুসংখ্যক ভক্তক পাটবৰ্ধন চিকিৎসালয় আৰু লাইফলাইন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ঘটনাটো শুকুৰবাৰে সন্ধিয়া ৭:৩০ বজাত ভাদঘৰ উপসাগৰৰ ওচৰত সংঘটিত হৈছিল । বিদ্যুৎস্পৃষ্ট হোৱা লোকসকল একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে । তেওঁলোকে ঘৰত বনোৱা গণেশ বিসৰ্জন কৰিবলৈ গৈ আছিল আৰু ভাদঘৰ খাদৰ কাষৰ শ্মশানৰ ওচৰত জেনেৰেটৰৰ তাঁৰ এখন হাতগাড়ীত পৰি যোৱাৰ ফলতে ঘটনাতো সংঘটিত হয় ।

লগতে পঢ়ক: ড্ৰাগছসহ মাজদিয়া আৰক্ষীৰ জালত সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.