ETV Bharat / bharat

ত্ৰিপুৰা উচ্চ ন্য়ায়ালয়ে নিৰাশ কৰিলে ১০,৩২৩ গৰাকী শিক্ষকক - Supreme Court

ত্ৰিপুৰা উচ্চ ন্য়ায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছতো আশা কৰা ধৰণে কোনো সমাধান নাপালে চাকৰিৰ পৰা বৰ্খাস্ত ৰাজ্যখনৰ ১০,৩২৩ গৰাকী শিক্ষকে । ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে, নতুনকৈ সৃষ্টি কৰা পদসমূহত নিযুক্তিৰ বাবে এই শিক্ষকসকলৰ প্ৰতি কোনো বিশেষ অনুগ্ৰহ প্ৰদৰ্শন কৰিব নোৱাৰি ।

10323 teachers receive another set back in tripura high court
ত্ৰিপুৰা উচ্চ ন্য়ায়ালয়তো নিৰাশ হ'ল চাকৰিৰ পৰা বঞ্চিত ১০,৩২৩গৰাকী শিক্ষক
author img

By

Published : Aug 17, 2021, 12:32 PM IST

নেশ্যনেল ডেস্ক, ১৭ আগষ্ট : উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি, আৰক্ষীৰ লাঠিৰ কোব সহ্য কৰিও হেৰুওৱা চাকৰি পুনৰ লাভ কৰাত ব্যৰ্থ হ'ল ত্ৰিপুৰাৰ ১০,৩২৩ গৰাকী শিক্ষক । ত্ৰিপুৰা উচ্চ ন্য়ায়ালয়েও তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা নাই । এতিয়া ন্যায়ালয়ে ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে, নতুনকৈ সৃষ্টি কৰা পদসমূহত নিযুক্তিৰ বাবে এই শিক্ষকসকলৰ প্ৰতি কোনো বিশেষ অনুগ্ৰহ প্ৰদৰ্শন কৰিব নোৱাৰি ।

ন্যায়াধীশ অৰিন্দম লোধৰ নেতৃত্বত গঠিত বিচাৰপীঠে এনে কৰিলে ভাৰতীয় সংবিধানৰ ২২৬ নং অনুচ্ছেদ উলংঘন কৰাকে বুজাব বুলি প্ৰকাশ কৰে । চাকৰিৰ পৰা বৰ্খাস্ত হোৱা শিক্ষকসকলৰ হৈ বিজয় কৃষ্ণ সাহা, ৰাজীৱ দাস আৰু অৰুণ ভৌমিকে প্ৰত্যক্ষ নিযুক্তি বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল । এই আবেদনৰ জৰিয়তে বিজয় কৃষ্ণ সাহা, ৰাজীৱ দাস আৰু অৰুণ ভৌমিকে বাছনি প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈ খালী হৈ গ্ৰুপ চি আৰু ডি পদত তেওঁলোকক নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিবলৈ আদালতক আহ্বান জনাইছে ।

কিন্তু আদালতে এই ধৰণৰ আহ্বান অবৈধ বুলি মন্তব্য কৰে । আদালতে কয় যে, কোনো আদালতে এনে নিৰ্দেশনা দিব নোৱাৰে আৰু ৰিট আবেদনকাৰীৰ নিযুক্তিৰ বাবে হ'লেও বাছনি প্ৰক্ৰিয়া অবিহনে ৰাজ্য চৰকাৰ অথবা কোনো কৰ্তৃপক্ষক যিকোনো ৰাজহুৱা পদত এনেদৰে নিযুক্তি দিবলৈ বাধ্য কৰিব নোৱাৰে বুলি স্পষ্টকৈ প্ৰকাশ কৰে । বৰ্তমান এয়া স্পষ্ট হৈ পৰিছে যে, উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ অনুৰোধ মানি লোৱা নাই ।

নিযুক্তিৰ নীতি অনুসৰণ নকৰাকৈ পোনপটীয়াকৈ চাকৰিৰ পৰা বৰ্খাস্ত শিক্ষকসকলক নিয়োগ কৰিবলৈ অনুমতি দিবলৈ ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ক আহ্বান জনাইছিল । উচ্চ ন্যায়ালয়ে লগতে উল্লেখ কৰে যে, উচ্চতম ন্যায়ালয়ৰ ওচৰত ৰাজ্য চৰকাৰে এখন শপতনামা দাখিল কৰিছিল ৷ এই শপতনামাত স্বাভাৱিক নিযুক্তি নিয়ম অনুসৰণ নকৰাকৈ চাকৰিৰ পৰা বৰ্খাস্ত শিক্ষকসকলক নিযুক্তি দিয়াৰ অনুমতি বিচাৰি অনুৰোধ জনোৱা হৈছে ।

কিন্তু উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ এই আহ্বানো নিযুক্তিৰ ক্ষেত্ৰত থকা আইনী নীতিৰ বিপৰীত বুলি উল্লেখ কৰিছে । কোনো চৰকাৰে ভাৰতৰ সংবিধানৰ ১৪ নং অনুচ্ছেদ আৰু ১৬ নং অনুচ্ছেদত উল্লেখ থকা ৰাজহুৱা নিযুক্তিৰ প্ৰতিষ্ঠিত নিয়মৰ সৈতে খাপ নোখোৱা কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে বুলি আদালতে স্পষ্ট কৰি দিছিল । এনে সিদ্ধান্ত সাংবিধানিক নীতি বিৰোধী বুলি ন্যায়াধীশ লোধে মন্তব্য কৰে ।

উচ্চ ন্যায়ালয়ে লগতে উল্লেখ কৰে যে, পূৰ্বেই উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে, ৰাজ্য চৰকাৰে বাছনি প্ৰক্ৰিয়া অনুসৰি শিক্ষকক নিযুক্তি দিবলৈ বাধ্য । আন প্ৰাৰ্থীসকলৰ যি প্ৰক্ৰিয়াৰ মাজেৰে নিযুক্তি লাভ কৰিব সেই প্ৰক্ৰিয়া চাকৰিৰ পৰা বৰ্খাস্ত শিক্ষকৰ ক্ষেত্ৰতো প্ৰয়োজ্য হ'ব । বয়সৰ ক্ষেত্ৰতো একে নিয়ম প্ৰযোজ্য হ'ব ।

লগতে পঢ়ক: পশ্চিমবংগৰ লগতে 15 ৰাজ্যত তৃণমূলৰ ‘খেলা হবে দিৱস’ পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.