নেশ্যনেল ডেস্ক, 1 অক্টোবৰ: দেশজুৰি নিৱনুৱা সমস্যাই (Unemployment in india)ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছতেই এতিয়া এটা চাকৰিৰ বাবে হাহাকাৰ কৰিছে একাংশ নিবনুৱাই ৷ এটা চৰকাৰী চাকৰিৰ বাবে খোৱা-কামোৰা লাগিছে হিমাচল প্ৰদেশত (Unemployment in Himachal)৷
জিলাখনত শেহতীয়াকৈ ওলোৱা এটা কনিষ্ঠ কাৰ্যালয় সহায়িকা পদৰ কাৰণে খোৱা-কামোৰা লাগিছে 10,000 প্ৰাৰ্থীয়ে ৷ হিমাচল প্ৰদেশৰ 43 টা পৰীক্ষা কেন্দ্ৰত 10,000 প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’ব ৷ অহা 9 অক্টোবৰত অনুষ্ঠিত হ’ব এই পৰীক্ষা(10000 candidates for one post) ৷
জানিব পৰামতে উক্ত পদটোৰ বাবে 22,000 প্ৰাৰ্থীয়ে আবেদন কৰিছিল (10 thousand candidates for one post in Himachal ) ৷ কিন্তু ইয়াৰে 12,000 প্ৰাৰ্থীয়ে পৰীক্ষাৰ বাবে মাচুল আদায় নকৰে ৷ ফলত জিলা প্ৰশাসনে 3 অক্টোবৰৰ ভিতৰত সকলো পৰীক্ষাৰ্থীক মাচুল আদায় কৰিবলৈ নিৰ্দেশনা জনাইছে ৷
ইতিমধ্যে মাচুল আদায় কৰা প্ৰাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰাকৈ ৰোল নম্বৰসমূহ ঘোষণা কৰা হৈছে ৷
লগতে পঢ়ক: Durga Puja in Tripura : সপ্তমীৰ পৰা নৱমীলৈ চলিব দুখন বিশেষ যাত্ৰীবাহী ৰে’ল