ETV Bharat / bharat

মোৰাদাবাদ-আগ্ৰা ঘাইপথত ভয়ানক পথ দুৰ্ঘটনা

author img

By

Published : Jan 30, 2021, 1:56 PM IST

শনিবাৰে ৰাতিপুৱা প্ৰায় 8.10 বজাত মোৰাদাবাদ-আগ্ৰা ঘাইপথৰ সমীপতে এখন মিনি বাছ আৰু এখন ট্ৰাকৰ মাজত সংঘটিত পথ দুৰ্ঘটনাত 10জন লোকে প্ৰাণ হেৰুৱাইছে আৰু 10 জন লোক গুৰুত্বৰ ভাৱে আহত হয় ৷ এই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা লোকৰ পৰিয়াললৈ 2 লাখ টকা আৰু আহত হোৱা লোকৰ পৰিয়াললৈ 50 হাজাৰ টকাৰ এক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷

10-killed-in-road-accident-on-ups-agra-moradabad-highway-cm-announces-ex-gratia-for-kin-of-deceased
মোৰাদাবাদ-আগ্ৰা ঘাইপথত ভয়ানক পথ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 30 জানুৱাৰী : শনিবাৰে ৰাতিপুৱা প্ৰায় 8:10 বজাত কোন্দৰকি আৰক্ষী থানাৰ নিচেই কাষতে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ মোৰাদাবাদ-আগ্ৰা ঘাইপথৰ সমীপতে এখন মিনি বাছ আৰু এখন ট্ৰাকৰ মাজত সংঘটিত এই পথ দুৰ্ঘটনাত 10জন লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে ৷ প্ৰাপ্ত তথ্য অনুসৰি,আন 10 জন লোক এই ভয়ানক পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় ৷

  • #UPCM श्री @myogiadityanath जी ने जनपद मुरादाबाद में एक सड़क दुर्घटना में लोगों की मृत्यु पर गहरा शोक व्यक्त किया है।

    उन्होंने ईश्वर से दिवंगत आत्माओं की शांति की प्रार्थना करते हुए मृतकों के शोक संतप्त परिजनों के प्रति अपनी संवेदना व्यक्त की है।

    — CM Office, GoUP (@CMOfficeUP) January 30, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে,ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ এই দুৰ্ঘটনাত আঘাটপ্ৰাপ্ত লোকসকলক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

এই পথ দুৰ্ঘটনাক লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোক প্ৰকাশ কৰিছে ৷ এই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা লোকৰ পৰিয়াললৈ 2 লাখ টকা আৰু আহত হোৱা লোকৰ পৰিয়াললৈ 50 হাজাৰ টকাৰ এক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীৰ হৈ এই কথা ব্যক্ত কৰিছে মোৰাদাবাদ জিলাৰ দণ্ডাধীশ ৰাকেশ কুমাৰ সিঙে ৷

আনহাতে,এই পথ দুৰ্ঘটনাত আহত লোক সকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছে মোৰাদাবাদ জিলাৰ দণ্ডাধীশ গৰাকীয়ে ৷

লগতে পঢ়ক : গো-মাফিয়া আদম আলীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.