নেশ্যনেল ডেস্ক,২৬ ডিচেম্বৰ : বিহাৰৰ মুজাফৰপুৰত ভয়ংকৰ বিস্ফোৰণ । বেলা ঔদ্যোগিক অঞ্চলৰ এটা কুৰকুৰে আৰু নুডলছৰ কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণত ১০ গৰাকী কৰ্মচাৰীৰ মৃত্যুৰ খবৰ পোৱা গৈছে (10 workers died in Muzaffarpur factory blast)। ইফালে বয়লাৰ (Boiler) বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় য'ত কেইবাজনো কৰ্মচাৰী আহত হয় ।
অৱশ্যে বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । এক সূত্ৰৰ মতে কৰ্মচাৰীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । বিস্ফোৰণৰ পাছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী উপস্থিত হৈছে । আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক :ISJK terrorist killed in encounter : অনন্তনাগত নিহত ISJK সন্ত্ৰাসবাদী