ETV Bharat / bharat

দেশত ২.৩১% ক'ভিড ৰোগী ভৰ্তি হৈ আছে আই চি ইউত: হৰ্ষ বৰ্ধন

author img

By

Published : Apr 9, 2021, 3:54 PM IST

মন্ত্ৰীসকলৰ উচ্চ পৰ্যায়ৰ গোটৰ ২৪ সংখ্যক বৈঠকত চিকিৎসাধীন হৈ থকা ক'ভিড ৰোগীৰ কেতবোৰ তথ্য দাঙি ধৰিলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে । তেওঁ প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান দেশত ২.৩১% ক'ভিড ৰোগী আই চি ইউত আৰু ০.৪৬% ৰোগী ভেণ্টিলেটৰত আছে ।

ভেণ্টিলেটৰত আছে দেশৰ ০.৪৬% ক'ভিড ৰোগীঃ হৰ্ষবৰ্ধন

নেশ্যনেল ডেস্ক, ৯ এপ্ৰিল: শুক্ৰবাৰে COVID-১৯ বিষয়ক মন্ত্ৰীসকলৰ উচ্চ পৰ্যায়ৰ গোটৰ ২৪ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে । বৈঠকত তেওঁ কয় যে, বৰ্তমান দেশৰ ০.৪৬% ক'ভিড ৰোগী ভেণ্টিলেটৰত আছে, ২.৩১% আই চি ইউত আছে আৰু ৪.৫১% অক্সিজেন সমৰ্থিত বিচনাত আছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, দেশত মৃত্যুৰ হাৰ হ্ৰাস হৈ আহিছে আৰু বৰ্তমান মৃত্যুৰ হাৰ ১.২৮% ।

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কৰ'ণা ভাইৰাছে সৃষ্টি কৰা বৰ্তমানৰ পৰিস্থিতি আৰু অনাগত দিনত প্ৰৰতিষেধকৰ উপলব্ধতা আৰু বিতৰণৰ বাবে গ্ৰহণ কৰিব লগা পদক্ষেপৰ বিষয়ে এই বৈঠকত মন্ত্ৰীসকলে আলোচনা কৰে । ড০ হৰ্ষ বৰ্ধনে লগতে জনায় যে, যোৱা সাত দিনত ১৪৯ খন জিলাত মহামাৰীৰ সংক্ৰমণৰ নতুন ঘটনা পোহৰলৈ অহা নাই আৰু যোৱা ১৪ দিনত আঠখন জিলাত আক্ৰান্ত ঘটনা প্ৰমাণিত হোৱা নাই ।

লগতে তিনিখন জিলাত যোৱা ২১ দিনত কোনো নতুন লোক আক্ৰান্ত হোৱা নাই বুলিও তেওঁ জানিবলৈ দিয়ে । আনহাতে, যোৱা ২৮ দিনত প্ৰায় ৬৩ খন জিলাত নতুনকৈ সংক্ৰমিত হোৱাৰ তথ্য পঞ্জীয়ন হোৱা নাই বুলি জনায় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । ভাৰতৰ টীকাকৰণ অভিযানক প্ৰশংসা কৰি তেওঁ কয় যে, শেহতীয়া পৰিসংখ্যাৰ দ্বাৰা জানিব পৰা গৈছে যে, ভাৰতত প্ৰতিষেধকৰ ৯,৪৩,৩৪,২৬২টা খোৰাক প্ৰদান কৰা হৈছে ।

যোৱা ২৪ ঘণ্টাত ৩৬,৯১,৫১১টা খোৰাক দিয়া হৈছে বুলি তেওঁ মন্তব্য কৰে । তেওঁ কয় যে, বিগত সপ্তাহত এটা দিনতে ৪৩ লাখ খোৰাক প্ৰদান কৰা হৈছিল । এই দিনটো সম্ভৱতঃ সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰতিষেধকৰ খোৰাক প্ৰদান কৰা দিন হিচাপে পৰিগণিত হৈছিল বুলি তেওঁ মন্তব্য কৰে । স্বাস্থ্যসেৱা কৰ্মীসকলক প্ৰতিষেধক প্ৰদান কৰা প্ৰসংগত তেওঁ কয় যে, ৮৯ লাখৰো অধিক লোকক প্ৰতিষেধকৰ প্ৰথম খোৰাক প্ৰদান হৈছে আৰু ৫৪ লাখতকৈও অধিক লোকক দ্বিতীয় খোৰাক প্ৰদান কৰা হৈছে ।

আনহাতে, ৯৮ লাখতকৈও অধিক আগশাৰীৰ স্বাস্থ্য কৰ্মী আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীক প্ৰথম খোৰাক প্ৰদান কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । ৪৫ লাখৰো অধিক লোকে প্ৰতিষেধকৰ দ্বিতীয় খোৰাক লাভ কৰিছে ।

উল্লেখ্য যে, একেৰাহে তৃতীয় দিনৰ বাবে ১.৩১ লাখৰো অধিক লোক মহামাৰীত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে আৰু এটা দিনৰ ভিতৰতে ভাৰতত নতুনকৈ COVID-১৯ত সৰ্বাধিক আক্ৰান্তৰ অভিলেষ ৰচিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দেশখনত যোৱা ২৪ ঘণ্টাত ১,৩১,৯৬৮ জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰিছে । এই পৰিসংখ্যাৰে মুঠ আক্ৰান্তৰ সংখ্যা ১,৩০,৬০,৫৪২ জনলৈ বৃদ্ধি হৈছে ।

লগতে পঢ়ক:ভেকচিন ফৰ অলঃ হোৱাটছএপত উপলব্ধ নতুন ষ্টিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.