ETV Bharat / snippets

অতিৰিক্ত ভাৰা বিচাৰি যুৱতীক ভাবুকি উবেৰ বাইক চালকৰ

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 7:45 PM IST

Uber biker threatens young woman for additional rent in Guwahati
অতিৰিক্ত ভাৰা বিচাৰি যুৱতীক ভাবুকি উবেৰ বাইক চালকৰ (ETV Bharat Assam)

গুৱাহাটী,২০ জুলাই: মহানগৰীত উবেৰ-ৰেপিড' চালকৰ দাদাগিৰি । অতিৰিক্ত ভাৰা বিচাৰি যুৱতীক ভাবুকি উবেৰ বাইক চালকৰ । ঘটনা অনুসৰি শুকুৰবাৰে এগৰাকী যুৱতীয়ে গণেশগুৰিৰ পৰা AIDC লৈ বুলি UBER ত বাইক বুক কৰাৰ পিচত কিছু পলমকৈ চালকজন আহি ভাৰাটো মিলাই দিবলৈ কয় । গন্তব্যস্থান পোৱাৰ পিচত যুৱতীগৰাকীয়ে এপত দেখুওৱা ভাৰাটো দিয়াত চালকজনে ৰুদ্ৰৰূপ ধাৰণ কৰে ।

যুৱতীগৰাকীয়ে "কিয় ভাৰা বঢ়াই দিব লাগে" বুলি প্ৰশ্ন কৰাত চালকজনে অশ্লীল শব্দৰে গালি পাৰি যুৱতীগৰাকীক অপদস্থ কৰাৰ উপৰি ভিডিঅ' কৰাৰ বাবে ম'বাইল ভাঙি দিয়াৰ ভাবুকি দি একপ্ৰকাৰ প্ৰহাৰ কৰিবলৈ উদ্যত হয় । এককথাত একাংশ ৰেপিড' তথা উবেৰ বাইক চালকৰ অতপালিত চৰম নিৰাপত্তাহীনতাক ভুগিছে মহানগৰবাসী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.