ETV Bharat / snippets

প্ৰাতঃভ্ৰমণলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে দৰঙৰ দুই মহিলাই

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 9:59 AM IST

Tragic road accident
প্ৰাতঃভ্ৰমণলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে দৰঙৰ দুই মহিলাই (ETV Bharat)

দৰং, ৩০ আগষ্ট : দৰং জিলাৰ পিপিৰা দোকানৰ শাকতোলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা । প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে বাহনৰ খুন্দাত নিহত দুগৰাকী মহিলা । জানিব পৰা মতে প্ৰাতঃভ্ৰমণ কৰি ছিপাঝাৰৰ দিশলৈ গৈ থকা সময়তে তীব্ৰ বেগী বাহনে খুন্দিয়াই থৈ যায় । এগৰাকী মহিলা থিতাতে নিহত হয় । আনগৰাকী মহিলাক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও পথতে তেওঁৰ মৃত্যু হয় । নিহত মহিলা দুগৰাকী পতালসিং পাৰাৰ ৰীণা বৰুৱা আৰু জাহ্নু বৰুৱা বুলি চিনাক্ত হৈছে । ঘটনাটোক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে । ইফালে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন এতিয়াও চিনাক্ত হোৱা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.