ETV Bharat / snippets

ড্ৰাগছসহ আৰক্ষীৰ জালত তিনি সৰবৰাহকাৰী

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 6:49 PM IST

Drugs smuggler in Guwahati
ড্ৰাগছ সৰবৰাহকাৰী (ETV Bharat Assam)

গুৱাহাটী, ২০ জুলাই: মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী । আজি পুৱা পৃথকে পৃথকে চলোৱা অভিযানত গ্ৰেপ্তাৰ হয় ড্ৰাগছ সৰবৰাহকাৰী দুটা । ধৃত সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৩৫ টা ড্ৰাগছভৰ্তি কন্টেনাৰ, বহুকেইটা খালি কন্টেনাৰৰ লগতে নগদ ধন আৰু মোবাইল ফোন । ঘোঁৰামৰাত বিনোদ বসুমতাৰী আৰু খানাপাৰাত মন্দ্বীপ বড়োক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ইয়াৰে বিনোদ বসুমতাৰী বাইক চুৰিৰ গোচৰত অভিযুক্ত বুলি সদৰী কৰিছে আৰক্ষীয়ে।

ইফালে,বশিষ্ঠৰ বালুঘাটতো আবেলি এছ টি এফে ২৭ টা ড্ৰাগছভৰ্তি কন্টেনাৰ আৰু নগদ ধনসহ চন্দন ছেত্ৰী নামৰ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.