ETV Bharat / snippets

কাজিৰঙাত আটক চোৰাং চিকাৰী

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 12:28 PM IST

Rhino poaching in Assam
আটক চোৰাং চিকাৰী (ETV BHARAT ASSAM)

কাজিৰঙা, ২২ মে’: কাজিৰঙা বন বিভাগ আৰু বোকাখাত আৰক্ষীৰ যৌথ অভিযানত আটক হৰিলাল চৌধুৰী নামৰ এটা গঁড় চিকাৰী । এই অভিযানকাৰী দলটোৱে গঁড় চিকাৰৰ অভিযোগত হৰিলাল চৌধুৰীক মঙলবাৰে নিশা আটক কৰে ।

ধৃত গঁড় চিকাৰীটোৰ ঘৰ বোকাখাত কুৰুৱাবাহীৰ চহলা চাপৰিত । ইপিনে, বন বিভাগ আৰু বোকাখাত আৰক্ষীয়ে গঁড় চিকাৰীটোৰ বাসগৃহৰ পিছফালৰ বাঁহনিৰ পৰা উদ্ধাৰ কৰিছে ৬ জাঁই থ্ৰী নট্‌ থ্ৰী ৰাইফলৰ সজীৱ গুলী । পূৰ্বেও গঁড় চিকাৰত জড়িত থকাৰ অভিযোগ আছে ধৃত হৰিলাল চৌধুৰীৰ বিৰুদ্ধে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.