ETV Bharat / snippets

ইঞ্জিন বিকল : ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ ফেৰী

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 6:52 PM IST

NIMATI BOUND FERRY LEFT STRANDED
ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰীৰ ইঞ্জিন বিকল (ETV BHARAT ASSAM)

মাজুলী, 26 মে’ : ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ অঘটন ৷ ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰীৰ ইঞ্জিন বিকল ৷ মাজুলীৰ অফলামুখৰ পৰা নিমাতী অভিমুখে গৈ আছিল ফেৰীখন ৷

জানিব পৰা মতে এছ বি প্ৰিয়ানুজ 2 নামৰ ফেৰীখন মাজুলীৰ অফলামুখৰ পৰা 3.30 বজাত নিমাতী অভিমুখে যাত্ৰা কৰিছিল ৷ কিছু দূৰ যোৱাৰ পাচতে ফেৰীখনত ইঞ্জিনৰ বিসংগতিয়ে দেখা দিয়ে ৷ ফলত নদীৰ বুকুত আবদ্ধ হৈ পৰে ফেৰীখন ৷

ইতিমধ্যে আবদ্ধ হৈ পৰা ফেৰীখন উদ্ধাৰৰ বাবে আন এখন ফেৰী অফলামুখৰ পৰা ৰাওনা হৈছে ৷ জানিব পৰা মতে ফেৰীখনত আছিল দুখন চাৰিচকীয়া বাহন, 24 খন মটৰ চাইকেল ৷ লগতে 49 গৰাকী যাত্ৰী আছিল ফেৰীখনত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.