ETV Bharat / snippets

বহিঃৰাজ্যলৈ শিশু সৰবৰাহ: কৰ্ণাটকৰ পৰা গ্ৰেপ্তাৰ দলগাঁৱৰ জাকাৰিয়া-আহিদুলক

author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 8:22 PM IST

Guwahati police
মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ (ETV Bharat Assam)

গুৱাহাটী, ৯ আগষ্ট: ৰাজ্যত অব্যাহত মানৱ সৰবৰাহৰ ঘটনা । কৰ্ণাটকৰ হাছান জিলাৰ পৰা গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুটা মানৱ সৰবৰাহকাৰীক । লগতে উদ্ধাৰ কৰিছে এটি ন বছৰীয়া শিশুক । গ্ৰেপ্তাৰ কৰা দুই মানৱ সৰবৰাহকাৰী ক্ৰমে দৰং জিলাৰ দলগাঁৱৰ জাকাৰিয়া আহমেদ আৰু আহিদুল ইছলাম ।

যোৱা ২৯ জুলাইত এগৰাকী ন বছৰীয়া কন্যা শিশুক বিক্ৰীৰ উদ্দেশ্য হাতীগাঁৱৰ খানকাৰ পৰা লৈ গৈছিল জাকাৰিয়া আহমেদ নামৰ যুৱকজনে । প্ৰথমে এই চক্ৰটোৱে কন্যা শিশুগৰাকীৰ পৰিয়াল থকা চৌহদতে ভাৰা ৰূম লৈ বাহৰ পাতি চা-চিনাকী হৈছিল । পৰৱৰ্তী সময়ত ফুৰিবলৈ যোৱাৰ প্ৰলোভন দি লৈ গৈছিল শিশুটিক । লগে লগে ৰেল যোগে লৈ যোৱা হৈছিল কৰ্ণাটকলৈ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.