ETV Bharat / sports

আই চি চি চেম্পিয়নছ ট্ৰফী 2025; জয় শ্বাহে সাক্ষাৎ কৰিব পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষক - CHAMPIONS TROPHY 2025

author img

By ETV Bharat Sports Team

Published : 2 hours ago

Jay Shah to Meet Mohsin Naqvi: আই চি চি চেম্পিয়নছ ট্ৰফী 2025 ত ভাৰতৰ অংশগ্ৰহণৰ সিদ্ধান্ত অক্টোবৰ মাহত গ্ৰহণ কৰা হ’ব ৷ এই সন্দৰ্ভত বি চি চি আইৰ সচিব জয় শ্বাহে পি চি বি-ৰ অধ্যক্ষ মহছিন নকভিক সাক্ষাৎ কৰিব বুলি আশা কৰা হৈছে ।

CHAMPIONS TROPHY 2025
জয় শ্বাহ আৰু মহছিন নকভি (IANS and AFP Photo)

স্প’ৰ্টছ ডেস্ক, 28 ছেপ্টেম্বৰ: আগন্তুক বছৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি) চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ'ব ৷ এই প্ৰতিযোগিতাখনত ভাৰতে অংশগ্ৰহণ কৰিব নে নকৰে, সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই ৷

প্ৰতিবেদন অনুসৰি, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বি চি চি আই) সচিব জয় শ্বাহে পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ (পি চি বি) সভাপতি মহছিন নকভিক এই বিষয়ত সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ৷ বৈঠকত ভাৰতীয় দলৰ অংশগ্ৰহণৰ বিষয়ে আলোচনা কৰা হ'ব ।

অক্টোবৰত দুয়োগৰাকী শীৰ্ষ বিষয়াৰে বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে ৷ আই চি চি মহিলা টি-20 বিশ্বকাপৰ মেচসমূহ সংযুক্ত আৰৱ এমিৰেটছৰ ডুবাইত অনুষ্ঠিত হ'ব । পাকিস্তান ক্ৰিকেট ব’ৰ্ডে সকলো ব্যৱস্থা নিশ্চিত কৰিবলৈ চেম্পিয়নছ ট্ৰফীৰ অনুসূচীৰ অনুমোদনৰ বাবে অপেক্ষা কৰি আছে ।

প্ৰতিবেদনখনত এইটোও উল্লেখ কৰা হৈছিল যে, পি চি বিয়ে প্ৰতিযোগিতাখনৰ প্ৰস্তাৱিত অনুসূচীৰ ওপৰত ভিত্তি কৰি অস্থায়ী বুকিং কৰিছে । আই চি চি-য়ে অক্টোবৰৰ শেষৰফালে আনুষ্ঠানিকভাৱে সময়সূচী ঘোষণা কৰাৰ আশা প্ৰকাশ কৰা হৈছে ৷

ইয়াৰ পূৰ্বে আই চি চিৰ এটা প্ৰতিনিধি দলে প্ৰতিযোগিতা অনুষ্ঠিত হ’বলগীয়া স্থান পৰিদৰ্শন কৰে । খেলসমূহ অনুষ্ঠিত হ'ব কৰাচী, ৰাৱালপিণ্ডি, ইছলামাবাদ আৰু লাহোৰত । প্ৰতিনিধি দলটো নিৰাপত্তা ব্যৱস্থাত সন্তুষ্ট আছিল বাবে খচৰাখন চূড়ান্ত কৰা হৈছিল ।

লক্ষণীয়ভাৱে, মহিলা টি-20 বিশ্বকাপৰ ফাইনেল অক্টোবৰত অনুষ্ঠিত হ'ব ৷ ভাৰতে 2008 চনৰ পৰা পাকিস্তান ভ্ৰমণৰ পৰা বিৰত আছে ৷ তদুপৰি দুয়োখন দেশে 2012-13 বৰ্ষৰ পৰা দ্বি-পাক্ষিক শৃংখলাত অংশগ্ৰহণ কৰা নাই ৷

লগতে পঢ়ক: এখন অবিশ্বাস্য ক্ৰিকেট মেচ; মাথো এটা বলত সংগ্ৰহ 286 ৰাণ - 286 Run in 1 ball

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.