ধেমাজি, 16 জুন: ধেমাজিৰ গ্ৰামাঞ্চলৰ উচ্চশিক্ষাৰ অনুষ্ঠান জীয়াঢল মহাবিদ্যালয়ৰ বাবে ভাল খবৰ । ধেমাজি নগৰৰ পৰা ৫/৬ কিল’মিটাৰ নিলগৰ জীয়াঢল মহাবিদ্যালয়ৰ নৱনিৰ্মিত প্ৰশাসনিক আৰু শৈক্ষিক ভৱনটো দেওবাৰে শুভ উদ্বোধন কৰে ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।
প্ৰায় 2 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা প্ৰশাসনিক আৰু শৈক্ষিক ভৱনৰ শুভ উদ্বোধন কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে, পূৰ্বতে অপ্ৰাদেশীকৃত হৈ থকা জীয়াঢল মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ অভাৱ আছিল আৰু এই অভাৱ বৰ্তমান দূৰ হোৱাৰ দিশত ৷ ইয়াৰোপৰি পাঁচখনকৈ গাঁও পঞ্চায়তৰ শিক্ষাৰ্থীয়ে জীয়াঢল মহাবিদ্যালয়ত আগন্তুক দিনত শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিব ।