ETV Bharat / snippets

দলগাঁৱত অস্ত্ৰসহ গ্ৰেপ্তাৰ ৩ গঁড় চিকাৰী

RHINO POACHERS ARRESTED
দলগাঁৱত অস্ত্ৰসহ গ্ৰেপ্তাৰ ৩ গঁড় চিকাৰী (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2024, 10:44 PM IST

মঙলদৈ: দৰং আৰক্ষীৰ দেওবাৰে তিনিটা চোৰাং গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰে । ধৃত তিনিটা ওদালগুৰিৰ কছাৰী ভেটিটোপ গাঁৱৰ আব্দুল আলী, আজগৰ আলী আৰু আলী হুছেইন ৷ আৰক্ষীয়ে জেৰাৰ সময়ত অভিযুক্ত আব্দুল আলীয়ে কৰা স্বীকাৰোক্তি ভিত্তিত আৰক্ষীয়ে তাৰ ঘৰৰ এটা পুখুৰীৰ পৰা লুকুৱাই ৰখা এটা ৩০৩ ৰাইফল, ৩০৩ ৰাইফলৰ ওপৰৰ বেৰেল অংশ আৰু এডাল আইৰণ চাইলেন্সাৰ পাইপ উদ্ধাৰ কৰে ।

ধৃত কেইটাৰ বিৰুদ্ধে দলগাওঁ আৰক্ষী থানাত ২১৬/২৪ নং এক গোচৰ ৰুজু কৰি অস্ত্ৰ আইন ১৯৫৯ৰ অধীনত ২৫(১ক) ধাৰা সন্নিবিষ্ট কৰা হৈছে । অভিযুক্তকেইটাৰ লগতে একাংশ নগা চোৰাং চিকাৰীয়ে দীপাৱলীত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ চোৰাং চিকাৰৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.