হায়দৰাবাদ : কেৰালাৰ এজন প্ৰখ্যাত চলচ্চিত্ৰ সম্পাদক নিশাধ ইউছুফক বুধবাৰে পুৱতি নিশা প্ৰায় ২ বজাত কেৰালাৰ পানাম্পিলি নগৰৰ এটা এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । এজন আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি ঘটনাটো আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰা হৈছে । অৱশ্যে, বিষয়াসকলে তেওঁৰ মৃত্যু সন্দৰ্ভত অধিক বিৱৰণ প্ৰকাশ কৰা নাই ।
ইউছুফ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এজন প্ৰসিদ্ধ ব্যক্তি আছিল ৷ তেওঁ বিশেষকৈ তেওঁৰ প্ৰভাৱশালী সম্পাদনাৰ কামৰ বাবে জনাজাত আছিল । ২০২২ চনত তেওঁ থাল্লুমালা চলচ্চিত্ৰখনত দৃষ্টান্তমূলক কামৰ বাবে শ্ৰেষ্ঠ সম্পাদকৰ সন্মানীয় কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল । খালিদ ৰহমানৰ দ্বাৰা পৰিচালিত এই একশ্যন ড্ৰামাখনত টভিনো থমাছে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ।
কেৰিয়াৰৰ সময়ছোৱাত ইউছুফে কেইবাখনো ছবি সম্পাদনা কৰিছিল ৷ চাভাৰ, উণ্ডা, চৌদি ভেলাক্কা, ওৱান, অপাৰেশ্যন জাভা আৰু আগন্তুক ছবি কাংগুভা, য’ত অভিনয় কৰিছে সুপৰিচিত অভিনেতা সূৰ্যই । তেওঁৰ সম্পাদনা শৈলীয়ে এই ছবিসমূহৰ কাহিনী কোৱা আৰু গতিশীলতাত যথেষ্ট অৰিহণা যোগাইছিল, যাৰ ফলত তেওঁ উদ্যোগটোৰ এজন চাহিদা থকা সম্পাদক হিচাপে পৰিগণিত হৈছিল ।
তেওঁৰ শেহতীয়া প্ৰজেক্ট কাংগুভা আৰু মামুট্টী অভিনীত একশ্যন থ্ৰিলাৰ ছবি বাজুকাই চিনেমা জগতখনত তেওঁৰ প্ৰভাৱ উজ্জ্বল কৰি তুলিছে । নিশাধ ইউছুফৰ অকাল মৃত্যু চলচ্চিত্ৰ জগতৰ বাবে এক গভীৰ ক্ষতি ।
উল্লেখ্য যে, সূৰ্য আৰু ববী দেওলৰ অনুৰাগীসকলে কাংগুভা চলচ্চিত্ৰখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । কাংগুভাৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছৰে পৰা অনুৰাগীসকলৰ মাজত ছবিখনক লৈ এক উন্মাদনা দেখিবলৈ পোৱা গৈছে । কাংগুভা হৈছে ২০২৪ বৰ্ষৰ আটাইতকৈ প্ৰতীক্ষিত ডাঙৰ বাজেটৰ তামিল চলচ্চিত্ৰ ৷ কাংগুভাৰ নিৰ্মাতাসকলে দাবী কৰিছে যে ছবিখনে বক্স অফিচত ২০০০ কোটি টকাৰ অধিক ব্যৱসায় কৰিব ।
লগতে পঢ়ক : ছলমান খানলৈ পুনৰ মৃত্যুৰ ভাবুকি, এইবাৰ দাবী ২ কোটি টকা