ETV Bharat / politics

ৰকিবুলৰ লগত থকা কোনে ৰাখে অবৈধ মাৰণাস্ত্ৰ ?

সবাতোকৈ চৰ্চিত চামগুৰি উপ-নিৰ্বাচনত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এগৰাকী বিশেষ ব্যক্তি । একালৰ ৰকিবুল হুছেইনৰেই ঘনিষ্ঠ নেতাগৰাকীয়ে তেওঁৰ বিৰুদ্ধে ঘটালে বিস্ফোৰণ ।

Samaguri Bye Election
বিজেপি নেতা মজিবুৰ ৰহমানৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Updated : 2 hours ago

নগাঁও : ৰাজ্যৰ ভিতৰতেই সৰ্বাধিক চৰ্চিত চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এগৰাকী বিশেষ ব্যক্তি । সৌ সিদিনালৈকে ৰকিবুল হুছেইনৰে অতি ঘনিষ্ঠ হিচাপে পৰিচিত প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰি আহিছে ৰকিবুল হুছেইনে । কিন্তু ই টিভি ভাৰতৰে এক বিশেষ সাক্ষাৎকাৰত ৰকিবুল হুছেইনকে উভতি ধৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিলে চামগুৰি সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী নেতাগৰাকীয়ে ।

ৰাজ্যৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিনাৰে পৰাই নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনা সংঘটিত হোৱা চামগুৰি সমষ্টিৰ হিংসাত্মক ঘটনাৰ মূল অভিযুক্ত এগৰাকী বিজেপি নেতা বুলি বাৰম্বাৰ দাবী কৰি আহিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে । এই বিজেপি নেতাগৰাকীৰ নাম হৈছে মজিবুৰ ৰহমান ।

বিজেপি নেতা মজিবুৰ ৰহমানৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

ৰকিবুল হুছেইনৰেই এসময়ৰ অতি ঘনিষ্ঠ বুলি পৰিচিত তথা বৰ্তমানৰ বিজেপি নেতা মজিবুৰ ৰহমানে ই টিভি ভাৰতৰ সন্মুখত চামগুৰিত পূৰ্বৰ দৰে ভয়-ভাবুকিৰ ৰাজনীতি কৰিবলৈ নিদিয়াৰ কথা উল্লেখ কৰে । বিজেপি নেতা মজিবুৰ ৰহমানৰ মন্তব্য, "এইবাৰ সুস্থ গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন খেলিব বিচৰা হৈছিল । কিন্তু প্ৰথমতেই তেখেতৰ বেলেগ সমষ্টিৰ কিছু ভেৰোণীয়া গুণ্ডাবাহিনীয়ে বিজেপিৰ কাৰ্যালয়ত আক্ৰমণ কৰিব বিচৰাত বিজেপি কৰ্মীয়েও প্ৰত্যুত্তৰ দিয়াৰ পাছতেই চামগুৰি সমষ্টিয়ে পুনৰ সংবাদ শিৰোনাম দখল কৰিবলৈ লৈছে ।"

নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ মাজতে এগৰাকী বিজেপি নেতাৰ মৃত্যু হেৱা প্ৰসংগও উল্লেখ কৰি বিজেপি নেতা মজিবুৰ ৰহমানৰ প্ৰথমটো বিস্ফোৰক মন্তব্য, "সংবাদকৰ্মীৰ সুযোগ লৈ ৰকিবুল হুছেইনৰ ভেৰোণীয়া একাংশ গুণ্ডাবাহিনীৰ আক্ৰমণত বিজেপি কৰ্মীজনৰ মৃত্যু হৈছে ।"

আনহাতে, ৰকিবুল হুছেইনে নিৰ্বাচন জিকিবলৈ সকলো পদ্ধতি অৱলম্বন কৰা বুলিও উল্লেখ কৰি মজিবুৰ ৰহমানৰ মন্তব্য, "ৰকিবুল হুছেইনে এতিয়া ধুবুৰী, ধিং আদিৰ পৰা মানুহ আনি চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাইছে ।"

ৰকিবুল হুছেইনৰ লগত ঘূৰি ফুৰা বাহনসমূহৰ তন্ন-তন্নকৈ তালাচী চলাবলৈ দাবী জনাই বিজেপি নেতাগৰাকীৰ মন্তব্য, "ৰকিবুল হুছেইনৰ লগত ঘূৰি ফূৰা বাহনত থাকে বিভিন্ন অস্ত্ৰ-শস্ত্ৰ । ৰকিবুল হুছেইনৰ লগত থকা দুই-তিনিজন মানুহে অবৈধ মাৰণাস্ত্ৰ লগত ৰাখে ।"

ইয়াৰ লগতে চামগুৰি সমষ্টিৰ হিংসাত্মক ঘটনাত মজিবুৰ ৰহমান জড়িত থকাৰ প্ৰমাণ দিবলৈও ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনায় মজিবুৰ ৰহমানে । তেওঁৰ মন্তব্য, "চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত চামগুৰিৰ বাহিৰৰ মানুহ আনিলে বাধা দিয়া হ'বই ।"

শেহতীয়াকৈ চামগুৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত সভা-সমিতি কৰাত ৰকিবুল হুছেইন বাধাৰ সন্মুখীন হোৱা সন্দৰ্ভতো মন্তব্য আগবঢ়াই মজিবুৰ ৰহমানে কয়, "ৰকিবুল হুছেইনে মানুহৰ ধৰ্মীয় আৱেগ-অনুভুতিক লৈ খেলা কৰাৰ বাবেই চামগুৰিৰ ৰাইজে বাধা প্ৰদান কৰি আছে ।" আনহাতে, ৰকিবুল হুছেইনক নিজৰ পিছফালে ঘূৰি চাবলৈও আহ্বান জনায় মজিবুৰ ৰহমানে ।

ইয়াৰ লগতে অনুকম্পামূলক চাকৰিৰ দৰে নিজে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি নিজ পুত্ৰক ৰকিবুল হুছেইনে সংস্থাপিত কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে মজিবুৰ ৰহমানে ।

লগতে পঢ়ক :চামগুৰি উপ-নিৰ্বাচনত কোন কোন প্ৰাৰ্থীৰ বাতিল হ'ল মনোনয়ন ?
লগতে পঢ়ক :কংগ্ৰেছ কৰ্মীক থানালৈ মাতি আনি কংগ্ৰেছ নকৰিবলৈ কৈছে আৰক্ষী বিষয়াই: ৰকিবুল হুছেইনৰ ভয়ংকৰ বিস্ফোৰণ

Last Updated : 2 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.