ETV Bharat / snippets

নলবাৰীৰ গুলীচালনাকাণ্ড : পিষ্টলসহ এটা ডকাইতক আটক

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 7:02 PM IST

Armed robbery in Nalbari
পিষ্টলসহ এটা ডকাইতক আটক (ETV Bharat Assam)

নলবাৰী, ২০ জুলাই: নলবাৰীৰ মুকালমুৱাৰ দমদমা পথাৰত শুকুৰবাৰে সন্ধিয়া এজন ব্যৱসায়ীক ভৰিত গুলীয়াই নগদ ধনৰ বেগ লুটি নিয়া ঘটনাৰ এজন অভিযুক্তক শনিবাৰে আৰক্ষীয়ে আটক কৰে । ধৃত ডকাইতটো হামিদ আলী বুলি চিনাক্ত কৰা হৈছে ৷ হাজো আৰক্ষী থানাৰ অন্তৰ্গত মিলপাৰাৰ পৰা দুৰ্ধৰ্ষ ডকাইতটোক আৰক্ষীয়ে আটক কৰে ৷

হামিদ আলীক আটক কৰাৰ পিচত আৰক্ষীয়ে ডকাইতটোৰ গৃহ বুল্লুটপাৰৰ জংঘলৰ মাজৰ পৰা জাকিৰ হুছেইনক গুলীচালনা কৰা পিষ্টলটো জব্দ কৰে । সম্প্ৰতি আৰক্ষীয়ে পলাতক অৱস্থাত থকা আন দুটা ডকাইতক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷

ব্যৱসায়ী জাকিৰ হুছেইনে কাপলাবড়ীস্থিত নিজা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি মটৰ চাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাতে এই ডকাইতিকাণ্ডটো সংঘটিত হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.