ETV Bharat / snippets

লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে চি বি আইৰ অভিযোগনামা দাখিল

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 10:44 PM IST

LALU PRASAD YADAV
প্ৰাক্তন ৰে’লমন্ত্ৰী লালু প্ৰসাদ যাদৱ (ETV Bharat)

নিউজ ডেস্ক, 7 জুন: কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৱে শুকুৰবাৰে লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে দাখিল কৰে অভিযোগনামা ৷ চাকৰিৰ বিনিময়ত মাটিৰ গোচৰত চি বি আয়ে অভিযুক্ত কৰিছে লালু প্ৰসাদ যাদৱক ৷ লালু যাদৱসহ 38 গৰাকী প্ৰাৰ্থীৰ লগতে মুঠ 78 গৰাকী অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে । চিবিআইয়ে দাখিল কৰা এই অভিযোগনামা সন্দৰ্ভত আদালতে ৬ জুলাইত বিবেচনা কৰিব ।

উল্লেখ্য যে ২০০৪-২০০৯ চনত কেন্দ্ৰীয় ৰে’লমন্ত্ৰী হিচাপে আছিল লালু প্ৰসাদ যাদৱ ৷ সেই কাৰ্যকালত ভাৰতীয় ৰে'লৱেৰ ১১টা জ'নত নিয়োগৰ ক্ষেত্ৰত লেণ্ড ফৰ জব কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.