ETV Bharat / snippets

কাশ্মীৰত সেনাৰ গুলীত নিহত 3 সন্ত্ৰাসবাদী

author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 11:03 AM IST

LOC IN KASHMIR
কাশ্মীৰত সেনাৰ গুলীত নিহত 3 সন্ত্ৰাসবাদী (ANI)

নিউজ ডেস্ক, 15 জুলাই: জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদী ৷ জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ কেৰাণ খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তেই তিনিটা সন্ত্ৰাসবাদী নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় ৷

চিনাৰ কৰ্পে এক্সত লিখিছে, ‘‘কেৰাণ খণ্ডৰ #LoCত চলি থকা অনুপ্ৰৱেশ বিৰোধী অভিযানত তিনিটা সন্ত্ৰাসবাদীক নিধন কৰা হৈছে ৷ লগতে অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে ।’’ অভিযান অব্যাহত থকা বুলিও পোষ্টটোত উল্লেখ ৷

সেনাই এই অভিযান সন্দৰ্ভত অধিক সবিশেষ প্ৰকাশ নকৰিলেও সোমবাৰে সংবাদমেলৰ বাবে সংবাদ মাধ্যমক আমন্ত্ৰণ জনাইছে । কেইদিনমান পূৰ্বে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত 6 টা সন্ত্ৰাসবাদী নিহত হৈছিল ৷ তাৰ পিচতেই সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল 5 গৰাকী সেনা জোৱান ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.