thumbnail

সন্ধানহীন মঠঘৰীয়াৰ যুৱক : ব্ৰহ্মপুত্ৰত আত্মহননৰ সন্দেহ - Suicide case

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 5:25 PM IST

গুৱাহাটী, ২৫ জুলাই : গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী পানীখাইতীত চাঞ্চল্যকৰ ঘটনা । হাতীশিলাত ভৰা ব্ৰহ্মপুত্ৰত জাঁপ দিলে মঠঘৰীয়াৰ এজন যুৱকে ! স্থানীয় লোকে জনোৱা মতে বুধবাৰে দুপৰীয়া পৰিয়ালৰ সৈতে আহাৰ গ্ৰহণ কৰি যুৱকজনে AS-01-FH-7657 নম্বৰৰ স্কুটীখন লৈ হাতীশিলাত উপস্থিত হয় । তাৰ পিচত যুৱকজনে মাতৃলৈ ফোন কৰি কয় যে তেওঁ হাতীশিলাৰ গণেশ মন্দিৰৰ সমীপত আছে আৰু ঘৰলৈ কোনো দিনে উভতি নাযায় । পুত্ৰৰ পৰা ফোন পোৱাৰ পিচতে পৰিয়ালত হাহাকাৰ লাগে আৰু বন্ধুবৰ্গৰ সৈতে পৰিয়ালৰ লোকসকল হাতীশিলাত উপস্থিত হয় ।

মন্দিৰ চৌহদত পুত্ৰৰ স্কুটীখন প্ৰত্যক্ষ কৰি তেওঁলোকে ইফালে সিফালে পুত্ৰক বিচাৰিবলৈ আৰম্ভ কৰে । ইফালে যুৱকজনে ব্রহ্মপুত্রত জাঁপ দিয়াৰ সন্দেহ কৰিছে স্থানীয় একাংশ লোকে । ঘটনাস্থলীত পানীখাইতী আৰক্ষী আৰু এছ ডি আৰ এফ উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । কিন্তু এতিয়ালৈ যুৱকজনৰ কোনো সম্ভেদ পোৱা হোৱা নাই । কিন্তু যুৱকজনে সঁচাকৈয়ে ব্ৰহ্মপুত্ৰত জাঁপ দিলে নেকি ? সমগ্ৰ ঘটনাটোক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ।)

লগতে পঢ়ক :চিকিৎসালয়ৰ আৱাসত চৰকাৰী চিকিৎসকৰ আত্মহত্যা - Doctor Commits Suicide

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.