ৰঙিয়া জংচনত পিষ্টল-গুলীসহ বিহাৰৰ যুৱক গ্ৰেপ্তাৰ - Arms Recovered In Rangia

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 11:59 AM IST

thumbnail
ৰঙিয়া জংচনত পিষ্টল উদ্ধাৰ (ETV Bharat Assam)

ৰঙিয়া, ৩১ জুলাই: ৰঙিয়া জংচনত ৰে'ল আৰক্ষীয়ে পিষ্টল, সক্ৰিয় গুলী আৰু চোকা অস্ত্ৰসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে । দুষ্টচক্ৰৰ ট্ৰেনজিত পইণ্টলৈ ৰূপান্তৰিত হোৱা ৰঙিয়া জংচনত মঙলবাৰে নিশা ১ নং প্লেটফৰ্মত ৰে'ল আৰক্ষীয়ে জব্দ কৰে দুটাকৈ পিষ্টল, ১৩ জাই সক্ৰিয় গুলী, এখন ডেগাৰৰ লগতে আন কেইবাটাও চোকা অস্ত্ৰ । ৰে'ল আৰক্ষীয়ে ইতিমধ্য়ে গ্ৰেপ্তাৰ কৰিছে এই ঘটনাৰে জড়িত বহিঃৰাজ্যৰ এজন যুৱকক ।

ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচীত জংচনৰ ১ নং প্লেটফৰ্মত অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে বিহাৰৰ কাটিহাৰৰ নুৰ আলম নামৰ যুৱকজনক । আৰক্ষীয়ে যুৱকজনৰ পৰা নগদ ধনো জব্দ কৰে । জি আৰ পি এফৰ প্ৰাথমিক তদন্তত যুৱকজনে জাগীৰোডৰ পৰা আহমেদাবাদলৈ যাবলৈ অহা বুলি জানিব পৰা গৈছে । ধৃত নুৰ আহমেদক সম্প্ৰতি ৰে'ল আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে । কি উদ্দেশ্যৰে আৰু ক'ৰ পৰা এই অস্ত্ৰসমূহ আনিছিল সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ।  

লগতে পঢ়ক:শোণিতপুৰ আৰক্ষীৰ জালত অস্ত্ৰসহ চাৰিগৰাকী

খটখটীত আৰক্ষীৰ পৃথক অভিযানত পিষ্টল-গুলীসহ দুই যুৱকক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.