খঙত টিঙিৰি তুলা হাতীয়ে ভাঙি লণ্ডভণ্ড কৰিলে মানুহৰ ঘৰ - man elephant conflict

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 1:46 PM IST

thumbnail
হোজাইত বনৰীয়া হাতীৰ ত্ৰাস, ভাঙি লণ্ডভণ্ড কৰিলে বাসগৃহ (ETV BHARAT ASSAM)

হোজাই, 13 জুন : ৰাজ্যজুৰি প্ৰায়েই হাতী-মানুহৰ সংঘাতৰ ঘটনা সংঘটিত হৈ আহিছে ৷ এইবাৰ হোজাই জিলাত বনৰীয়া হাতীয়ে ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান, বাৰীৰ তামোল, নাৰিকল গছ তহিলং কৰে ৷ 

ঘটনাৰ বিৱৰণী অনুসৰি, বৃহস্পতিবাৰে পুৱতি নিশা চাৰিজনীয়া বনৰীয়া হাতীৰ দল এটাই কাকীৰ টিলাবজাৰৰ বিহাৰী বস্তিত উপদ্ৰৱ চলাই ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে ৷

উল্লেখ্য যে, যোৱা 3 জুনত সুন্দৰ হৰিজন নামৰ লোকজনৰ ঘৰত হাতীয়ে ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ পিচতেই যেনেতেনে তেওঁ ঘৰটো মেৰামতি কৰি বাস কৰি ‌আছিলহে, কিন্তু এতিয়া দ্বিতীয়বাৰৰ বাবে বনৰীয়া হাতীয়ে তেওঁৰ বাসগৃহটো ভাঙি লণ্ডভণ্ড কৰে ৷ লোকসকলে অচিৰেই বন বিভাগক বনৰীয়া হাতীৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ দাবী উত্থাপন কৰিছে ৷ 

লগতে পঢ়ক: বঢ়মপুৰত বন্যহস্তীৰ উপদ্ৰৱত শংকিত সাধাৰণ জনতা - Wild Elephant Menace

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.