কলিয়াবৰত পুনৰ বনৰীয়া ম'হৰ আতংক - Wild Buffalo Terror In Kaliabor

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 9:01 PM IST

thumbnail
বনৰীয়া ম'হৰ আতংক (ETV Bharat Assam)

কলিয়াবৰ, ২৮ জুলাই: কলিয়াবৰত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া ম'হৰ  বিচৰণত পুনৰ আতংকিত হৈছে ৰাইজ । বনৰীয়া ম'হৰ আতংকৰ বাবেই দেওবাৰে পথাৰৰ পৰা গঞাই এৰাল দিয়া গো-ধন আনিবলৈ যাব নোৱৰা অৱস্থা হৈছে । সেয়েহে এই ম'হৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ৰাইজে বন বিভাগৰ লোকক খৱৰ দিয়াত বনকৰ্মী এই স্থানত উপস্থিত হৈ ম’হটো কৰায়ত্ত কৰাৰ বাবে চেষ্টা চলাই আছে ।

বন বিভাগৰ লোকে বনৰীয়া ম'হটো খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই অহাৰ সন্দেহ কৰিছে । কলিয়াবৰৰ দাঁতি-কাষৰীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, লাওখোৱা অভয়াৰণ্য, বুঢ়াচাপৰি অভয়াৰণ্য, কাৰ্বি পাহাৰৰ বন্যপ্ৰাণীয়ে প্ৰায়েই খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস সৃষ্টি কৰে । শেহতীয়াকৈ, বাঘ, বনৰীয়া হাতী, গাহৰি আৰু বনৰীয়া ম'হৰ সন্ত্ৰাসত কলিয়াবৰৰ ৰাইজে ত্ৰাহি মধুসূদন সোঁৱৰিব লগা হৈছে । ইয়াৰ বিপৰীতে বন বিভাগে বন্যপ্ৰাণীৰ বিচৰণ নিয়ন্ত্ৰণত সফল হ'ব পৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক:বাঘ-হাতীৰ পিচতে কলিয়াবৰত এইবাৰ বনৰীয়া ম’হৰ ত্ৰাস - wild buffalo terror in Kaliabor

তেজপুৰত বানত উটি অহা বনৰীয়া ম’হক ট্ৰেংকুলাইজ, ম’হৰ আক্ৰমণত আহত 7 গৰাকী - ASSAM FLOOD 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.