বাঘ-হাতীৰ পিচতে কলিয়াবৰত এইবাৰ বনৰীয়া ম’হৰ ত্ৰাস - wild buffalo terror in Kaliabor - WILD BUFFALO TERROR IN KALIABOR
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17-07-2024/640-480-21971442-thumbnail-16x9-hj-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jul 17, 2024, 9:43 AM IST
কলিয়াবৰ, ১৭ জুলাই : বানৰ সমান্তৰালকৈ বনৰীয়া জন্তুৰ আতংক বৃদ্ধি পাইছে কলিয়াবৰৰ জনাঞ্চলত । বানৰ বাবে লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি নগাঁও জিলাৰ কলিয়াবৰৰ বৰঘুলীত সোমবাৰে নিশাৰে পৰা আশ্ৰয় গ্ৰহণ কৰে পোৱালীসহ এজনী বনৰীয়া ম'হে । মৰাপাটৰ খেতিৰ মাজত বনৰীয়া ম'হজনীৰ উপস্থিতিৰ বিষয়ে বন বিভাগক খৱৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগৰ লোকে নিৰীক্ষণ কৰে ম'হজনীৰ গতি-বিধি ।
জনাঞ্চলৰ মাজত বনৰীয়া ম'হে আশ্ৰয় গ্ৰহণ কৰি থকাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ । দিনৰ পোহৰতে বনৰীয়া ম'হজনী বৰঘুলীৰ পৰা খেদি পঠিয়াবলৈ বন বিভাগৰ লোকক আহ্বান জনায় স্থানীয় ৰাইজে । উল্লেখযোগ্য যে শিলঘাট-কামাখ্যা অঞ্চলত তিনিটাকৈ ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰি থকাৰ বিপৰীতে চুলুং আৰু কামাখ্যা গাঁৱত বন্যহস্তীৰ আতংক অব্যাহত আছে ।