আকৌ মহানগৰীত জলব’ৰ্ডৰ পানীৰ পাইপ ফুটি হাহাকাৰ পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 11:48 AM IST

thumbnail

গুৱাহাটী, 17 ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰবাসীয়ে যি সময়ত এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে সেই সময়তে মহানগৰীত হাজাৰ হাজাৰ লিটাৰ পানীৰ অপচয় হোৱা পৰিলক্ষিত হৈছে । তাৰোপৰি প্ৰায়েই গুৱাহাটী মাজমজিয়াত পানীৰ পাইপ ফুটি জলবিস্ফোৰণৰ ঘটনা এক সাধাৰণ দৃশ্য হৈ পৰিছে ৷ 

পুনৰ মহানগৰীত ফুটিল জলব’ৰ্ডৰ পানীৰ পাইপ । এইবাৰৰ স্থান মহানগৰীৰ ভঙাগড় ।

ভঙাগড়ৰ হাবৰ সমীপত এইবাৰ ফুটিল পানীৰ পাইপ। শনিবাৰে পুৱা প্ৰায় 7 বজাতে পানীৰ পাইপ ফুটিছে যদিও বিভাগীয় কৰ্তৃপক্ষই পানীৰ পাইপডাল বন্ধ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । ফলত পথটোৰে যাতায়ত কৰাত সমস্যাৰ সৃষ্টি হৈছে পথটোৰে আহ-যাহ কৰা লোকসকলে । 

উল্লেখ্য যে, মহানগৰীত পানীৰ পাইপ ফুটাৰ ঘটনা এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও বিগত বছৰত মহানগৰীৰ খাৰঘুলিত পানীৰ পাইপ ফুটাৰ ফলত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাব লগাৰ ওপৰিও উক্ত অঞ্চলটোৰ লোকৰ বিস্তৰ ক্ষতি সাধন হৈছিল । ইয়াৰ পিছতে পুনৰ ৰাজগড়ত পানীৰ পাইপ ফুটি কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ যথেষ্ঠ ক্ষয়-ক্ষতি হৈছিল । 

অৱশ্যে বৰ্তমানেও গুৱাহাটী মহানগৰ উন্নয়নৰ দায়িত্বত থকা বিয়াগোম বিভাগটোৱে এই সমস্যাক গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত হোৱা নাই । 

লগতে পঢ়ক: Water pipe bursts: মহানগৰীৰ জু ৰোডত ফুটিল পানীৰ পাইপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.