ধনশিৰি নদীৰ ৮০০ মিটাৰ দৈৰ্ঘৰ মথাউৰি পৰিদৰ্শন পীযুষ হাজৰীকাৰ - Embankment construction in Assam

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 2:16 PM IST

thumbnail
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা (ETV BHARAT ASSAM)

গোলাঘাট, ৩০ জুন : গোলাঘাটত দেওবাৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই তেতেলীতলৰ হাঁহচৰা পথাৰৰ ধনশিৰি নদীৰ ৮০০ মিটাৰ দৈৰ্ঘৰ ৬.৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মথাউৰিটো পৰিদৰ্শন কৰে ৷ মন্ত্ৰীগৰাকীয়ে হোজাই জিলা, নগাঁও জিলাৰ কামপুৰ আৰু বৰাক উপত্য়াকাত মথাউৰি নিৰ্মাণৰ কাম কৰিবলগীয়া আছে বুলি উল্লেখ কৰে ৷

মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে বৰাক উপত্যকাত যিসমূহ অঞ্চলত বানপানী সৃষ্টি হৈছে তাত কোনোধৰণৰ মথাউৰি নাছিল । মন্ত্ৰীগৰাকীয়ে গোলাঘাটৰ বিশিষ্ট সাংবাদিক বিকাশ শৰ্মাৰ ঘৰত উপস্থিত হৈ সাংবাদিকগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ তেওঁৰ চিকিৎসাৰ বাবে অসম চৰকাৰৰ পৰা সাংবাদিকগৰাকীলৈ আগবঢ়োৱা দুই লাখ টকাৰ আৰ্থিক সাহায্য পৰিয়ালক অৰ্পণ কৰে ।

মন্ত্ৰীগৰাকীক এই ভ্ৰমণত সহযোগ কৰে মন্ত্ৰী অজন্তা নেওগ আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু প্ৰাক্তন মন্ত্ৰী বিস্মীতা গগৈয়ে ৷ ইয়াৰ পাচতে গোলাঘাটৰ কেইবাটাও অনুষ্ঠানত ভাগ লয় মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে পদুমনি মণ্ডল বিজেপি কাৰ্যালয়ত প্ৰধানমন্ত্ৰীৰ 'মন কি বাত' অনুষ্ঠানতো অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:ধন আদায় দি মথাউৰি নিৰ্মাণ কৰিবলৈ আমাৰ অসুবিধা: মন্ত্ৰী পীযুষ হাজৰীকা - Erosion in Nalbari

কলাজল নৈত শীঘ্ৰে মথাউৰি নিৰ্মাণৰ আশ্বাস পীযুষ হাজৰীকাৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.