thumbnail

মোদীৰ মন্ত্ৰীসভাত স্থান লাভৰ পিচত প্ৰথবাৰৰ বাবে নগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - Union Minister Sarbananda Sonowal

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 7:36 AM IST

নগাঁও, ২৩ জুন: কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত ল'লেও অসমৰ পাহাৰ, ভৈয়াম, বৰাক, ব্ৰহ্মপুত্ৰক পাহৰা নাই নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । তৃতীয়টো কাৰ্যকালৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ মন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰি শনিবাৰে নিশা প্ৰথমবাৰৰ বাবে নগাঁৱত উপস্থিত হয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

নগাঁৱত উপস্থিত হৈ অসমত প্ৰথমবাৰৰ বাবে বিজেপি মিত্ৰজোঁটক সৰ্বাধিক আসনত জয়লাভ কৰোৱাৰ বাবে অসমৰ পাহাৰ, ভৈয়াম, বৰাক, ব্ৰহ্মপুত্ৰৰ সকলো জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । লগতে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে অনাগত দিনত যাতে ভাল কাম পৰিব পাৰে তাৰ বাবে সকলোৰে পৰা আৰ্শীবাদ বিচাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । নিশা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ সৈতে উপস্থিত থাকে নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ।

লগতে পঢ়ক: অসমৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে কাৰ্যকৰী ডিব্ৰুগড় পৌৰ নিগম - 2nd Municipal Corporation of Assam

তিনিচুকীয়াত বিপুল আদৰণি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক - Sarbananda Sonowal

তিনিচুকীয়া পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ সৰ্বানন্দ সোণোৱালৰ - Union Minister Sarbananda Sonowal

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.