জন্মদিনৰ দিনাই প্ৰাণ হেৰুৱালে জনদ্বীপে, লগতে লৈ গ'ল বন্ধু দিখৌক - Child Death By Drowning

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 10:17 PM IST

thumbnail
দুটি শিশু সলিল সমাধি (ETV Bharat Assam)

বাক্সা,২৩ জুলাই: বাক্সাৰ জালাহত পুখুৰীত পৰি দুটি শিশুৰ মৃত্যু হোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত । সলিল সমাধি ঘটা দুই শিশুৰ নাম জনদ্বীপ কলিতা আৰু দিখৌ দাস । শিমলা আৰক্ষী থানাৰ অন্তৰ্গত জালাহ কলিতা চুবাৰ জনদ্বীপ কলিতাৰ জন্মদিন খাবলৈ চৰ্ণা গাঁৱৰ বন্ধু দিখৌ দাস আহিছিল জালাহলৈ । জালাহ কলিতা চুবাৰ পথৰ মাজত থকা এটি কালভাৰ্টৰ কাষৰ পুখুৰীত পৰি মৃত্যু হয় শিশু দুটিৰ ।  

শিশু দুটিক ঘৰৰ পৰিয়ালে বিচাৰ-খোচাৰ কৰি নোপোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় পৰিয়াল দুটিৰ মাজত । দুপৰীয়া পথাৰত ভাত দিবলৈ অহা এজন লোকে এটি শিশুৰ মূৰ প্ৰত্যক্ষ কৰে পুখুৰীৰ পানীত । স্থানীয় ৰাইজৰ সহযোগত শিশু দুটিক ততাতৈয়াকৈ পুখুৰীৰ পৰা উদ্ধাৰ কৰি জালাহ সমূহীয়া চিকিৎসা কেন্দ্ৰলৈ অনা হয় যদিও চিকিৎসকে শিশু দুটিক মৃত বুলি ঘোষণা কৰে । শিশু দুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ ৰবি বড়ো অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰা হয় । ইফালে শিশু দুটিৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশ ।

লগতে পঢ়ক: গ্ৰীষ্মবন্ধৰ আনন্দ কৰোতেই পানীত ডুবিল তিনি শিশু - Child Death By Drowning

গ্ৰীষ্ম বন্ধৰ আনন্দ ল'বলৈ আহি হেৰুৱালে প্ৰাণ - Students Death By Drowning

ক’ত গ’ল তিনি বন্ধু : উদ্ধাৰ মনোজৰ মৃতদেহ, সন্ধান নাই কৈলাস-কুমুদৰ - Three Friends Missing

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.