বৰপেটাত তৃণমুল কংগ্ৰেছৰ প্ৰাৰ্থী আবুল কালাম আজাদৰ মনোনয়ন পত্ৰ দাখিল - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 4:42 PM IST

বৰপেটা,১৯ এপ্ৰিল: বৰপেটাত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আবুল কালাম আজাদৰ মনোনয়ন পত্ৰ দাখিল ৷ মনোনয়ন পত্ৰ দাখিল পৰ্বত উপস্থিত তৃণমুলৰ সভাপতি ৰিপুণ বৰা ৷ ৰিপুণ বৰাই কয়, "ৰাইজে এইবাৰ বিকল্প বিচাৰিছে ৷ কোকৰাঝাৰৰ পিচত বৰপেটাত বিশাল জনসমাৱেশে এই কথা প্ৰমাণ কৰিছে ৷ ৰাইজে কংগ্ৰেছ, এজিপি, বিজেপি, ইউডিএফ, বিপিএফ, ইউপিপিএলক টেষ্ট কৰিলে । গতিকে এইবোৰৰ প্ৰতি ৰাইজ বিতুষ্ট হৈছে ৷ ৰাইজে আপোচহীনভাৱে বিজেপিৰ সৈতে টক্কৰ দিব পৰা দল হিচাপে তৃণমূলক সমৰ্থন কৰিছে ৷"   

দেশত দুশ আসনো বিজেপিয়ে নাপাই বুলি উল্লেখ কৰি কয়, "কংগ্ৰেছে য'ত দুৰ্বল প্ৰাৰ্থী দিছে আমি তাতেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিছো ৷" ইপিনে টি এম চিৰ প্ৰাৰ্থী আবুল কালামে কয় যে সকলো জাতি-জনগোষ্ঠীৰ ভোট লাভ কৰিব তৃণমূল কংগ্ৰেছে ৷ কংগ্ৰেছ, এজিপি, বিজেপি ইউডিএফৰ বহু মানুহ তেওঁৰ লগত আছে বুলি উল্লেখ কৰি কয় যে, তেওঁ বিধায়ক হোৱাৰ সময়ত কোটি টকাৰ কামেই হওক বা হাজাৰ টকাৰ কামেই হওক সকলো কৰি দিছিল ৷ ৰাইজে যিহেতু তেওঁক ফ্ৰীত ভোট দিয়ে গতিকে তেৱোঁ ৰাইজক ফ্ৰীত কাম কৰি দিয়ে ।  

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ বিৰুদ্ধে ৰাইজ ওলাই আহিছে: ৰকিবুল হুছেইন - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.