মন্ত্ৰী জুৱেল ওৰামক সাক্ষাতৰ বাবে দিল্লীলৈ যাব তিৱা ছাত্ৰ সন্থা - All Tiwa Students Union

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 10:31 PM IST

thumbnail
সদৌ তিৱা ছাত্ৰ সন্থা (ETV Bharat Assam)

মৰিগাঁও, 25 জুলাই : তিৱা স্বায়ত্ত পৰিষদৰ অন্তৰ্গত অবৈধ নাগৰিকৰ ভোটাৰ তালিকা প্ৰস্তুত, তিৱা স্বায়ত্ত পৰিষদক ভাৰতীয় সাংবিধানিক মৰ্যাদা প্ৰদান কৰা, মেঘালয়ত থকা তিৱাসকলক জনজাতি মৰ্যাদা প্ৰদান কৰা, কাৰ্বি আংলঙত তিৱাসকলৰ বাবে আঞ্চলিক স্বায়ত্ত পৰিষদ গঠন আৰু নগাঁও, ধেমাজিৰ তিৱাসকলৰ বাবে নতুনকৈ পৰিষদীয় সমষ্টি নিৰ্ধাৰণ কৰা সন্দৰ্ভত বৃহস্পতিবাৰে মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাৰ সংবাদমেল সম্বোধন । এই সংবাদমেলত ৰাজ্য চৰকাৰৰ জনজাতীয় পৰিক্ৰমা তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে সদৌ তিৱা ছাত্ৰ সন্থাৰ আলোচনাৰ বিষয়ে ৰাজহুৱা সন্থাৰ নেতৃত্বৰ ।

সংবাদমেলযোগে 24 জুলাইত অসম চৰকাৰৰ শিক্ষা আৰু জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে তিৱাসকলৰ জাতীয় সমস্যাসমূহৰ ওপৰত অনুষ্ঠিত হোৱা সৌহাদ্যপূৰ্ণ আলোচনা সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ সংগঠনটোৰ নেতৃত্বৰ । ইয়াৰ উপৰিও 4 আগষ্টত সদৌ তিৱা ছাত্ৰ সন্থাৰ এটা সজাতি দলে নতুন দিল্লীলৈ গৈ কেন্দ্ৰীয় চৰকাৰৰ জনজাতি উন্নয়ন আৰু পৰিকল্পনা বিভাগৰ মন্ত্ৰী জুৱেল ওৰামক সাক্ষাৎ কৰি তিৱা স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ লগতে দীৰ্ঘদিনে জনগোষ্ঠীটোৱে মুখামুখি হৈ অহা জাতীয় সমস্যাসমূহৰ অতি সোনকালেই সমাধানৰ ক্ষেত্ৰত যথোচিত ব্যৱস্থা লোৱাৰ বাবে অৱগত কৰিব ।

লগতে পঢ়ক : তিৱা স্বায়ত্ত পৰিষদক ষষ্ঠ অনসূচীত অন্তৰ্ভুক্তকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.