মাজুলী ভোটগণনা কেন্দ্ৰৰ বাহিৰত উত্তপ্ত পৰিস্থিতি - Lok Sabha Election Results 2024

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 1:41 PM IST

thumbnail
উত্তপ্ত পৰিস্থিতি (etv bharat assam)

মাজুলী, 4 জুন : অসমত বৰ্তমানেও অব্যাহত আছে ভোটগণনা ৷ দেশৰ নিৰ্বাচনী আয়োগে জাৰি কৰা তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে এই ভোটগণনা চলি আছে ৷ দেশজুৰি চলি আছে লোকসভা নিৰ্বাচনৰ ভোটগণনা ৷ কঠোৰ নিৰাপত্তাৰ মাজেৰে মাজুলীতো চলি আছে ভোটগণনা । আজি বহু ৰথী-মহাৰথীৰ ভাগ্য নিৰ্ণয় হ’ব । এই ভোট গণনা চলি থকাৰ মাজতে মাজুলীৰ ভোটগণনা কেন্দ্ৰৰ বাহিৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক- https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

মাজুলীৰ বিধায়কগৰাকী আৰু বিজেপিৰ দুই দলীয় কৰ্মকৰ্তাই ভোটগণনা কেন্দ্ৰত প্ৰৱেশ কৰাক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বিৰোধী নেতা-কৰ্মীসকলে আৰক্ষী প্ৰশাসনে তেওঁলোকক সোমাবলৈ দিছে বুলি অভিযোগ উত্থাপন কৰে ৷ বিধায়ক আৰু বিজেপিৰ দুই দলীয় কৰ্মকৰ্তাই ভিতৰলৈ মোবাইল লৈ প্ৰৱেশ কৰিছে বুলি বেৰিকেডত থকা আৰক্ষীৰ লগত খণ্ড যুদ্ধৰ সৃষ্টি হয় মাজুলীৰ স্থানীয় ৰাইজৰ । পিচত মাজুলীৰ বিধায়কগৰাকীসহ বিজেপিৰ দুই দলীয় কৰ্মকৰ্তা বাহিৰলৈ অহাৰ পাচতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ।

লগতে পঢ়ক : জিকা-হৰা থাকিবই: পাঁচটা বিধানসভা সমষ্টিৰ কাউণ্টিং এজেণ্টৰ কাষলৈ যাব মীৰা বৰঠাকুৰ - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.