গ্ৰাহকক মাৰপিটৰ অভিযোগ পেট্ৰ’ল পাম্প কৰ্তৃপক্ষৰ বিৰুদ্ধে - Dhubri indian oil petrol pump

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 12:54 PM IST

thumbnail
গ্ৰাহকক মাৰপিটৰ অভিযোগ পেট্ৰ’ল পাম্প কৰ্তৃপক্ষৰ বিৰুদ্ধে (ETV Bharat Assam)

ধুবুৰী, 24 জুন : পেট্ৰ’লৰ পৰিৱৰ্তে গ্ৰাহকক পানী দি ৰাম ঠগনৰ অভিযোগ ধুবুৰীৰ এটা পেট্ৰ’ল পাম্পৰ বিৰুদ্ধে । জানিব পৰা মতে, শনিবাৰে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বলদমাৰা ইণ্ডিয়ান অইল পেট্ৰ’ল পাম্পত বাইকত তেল ভৰাই কিছু দূৰ যোৱাৰ পাচত হঠাৎ বন্ধ হৈ পৰে এজন গ্ৰাহকৰ মটৰ চাইকেলখন । 

সমীপৰে এটা গেৰেজলৈ গৈ পৰীক্ষা কৰি চোৱাৰ পাচত বাইকখনত পেট্ৰ’লৰ পৰিৱৰ্তে অধিক পৰিমাণত পানী ওলোৱা প্ৰত্যক্ষ কৰে গ্ৰাহকজনে । লগে লগেই ভুক্তভোগী গ্ৰাহক দুগৰাকীয়ে তেল ডিপোটোত সেই সন্দৰ্ভত অভিযোগ কৰে । অৱশ্যে পেট্ৰ’ল পাম্প কৰ্তৃপক্ষই নস্যাৎ কৰে এই অভিযোগ ৷ পুনৰ এটা বটলত তেল ভৰোৱাত পোহৰলৈ আহে জোলোঙাৰ মেকুৰী ।

অভিযোগ অনুসৰি বটলৰ তেলখিনিত মাত্ৰ 20% পেট্ৰ’ল আৰু বাকী 80% পানী । গ্ৰাহকে প্ৰতিবাদ কৰাত গ্ৰাহকক মাৰপিট কৰি আহত কৰাৰ অভিযোগ উত্থাপন হৈছে পাম্প কৰ্তৃপক্ষৰ বিৰুদ্ধে । ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ পেট্ৰ’ল পাম্পটো বন্ধ কৰি দিয়াৰ লগতে পেট্ৰ’ল পাম্পটোৰ মেনেজাৰক আটক কৰি থানালৈ নিয়ে । ঘটনা সন্দৰ্ভত ভুক্তভোগী গ্ৰাহকে গৌৰীপুৰ আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ । 

লগতে পঢ়ক: পেট্ৰ’ল ভৰোৱাৰ পিচতে বিকল বাহন, পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতি - Thelamara assam oil petrol pump

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.