কলঙত উটি গ'ল ১২ বছৰীয়া কিশোৰ : উদ্ধাৰৰ পৰিৱৰ্তে পাৰত ৰৈ ভিডিঅ'হে কৰিলে যুৱকে - Missing In River

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 8:47 PM IST

thumbnail
কলঙত ডুবিল কিশোৰ (ETV Bharat Assam)

নগাঁও,৩১ জুলাই: নেহৰুৱালিৰ সমীপৰ কলঙত বুধবাৰে সংঘটিত হয় এক কৰুণ ঘটনা । সমনীয়াৰ সৈতে গা-ধুবলৈ গৈ কলঙত সন্ধানহীন হৈ পৰে এটি বাৰ বছৰীয়া কিশোৰ । বুধবাৰে দুপৰীয়া সমনীয়াৰ সৈতে নেহৰুবালি সমীপৰ কলঙত গা-ধুবলৈ গৈছিল নগাঁও চহৰৰে ৰামকৃষ্ণ পথৰ চাহিল বাস্ফৰ নামৰ কিশোৰজন । আন চাৰিগৰাকী কিশোৰৰ সৈতে গা-ধুবলৈ যোৱা চাহিল বাস্ফৰ নামৰ কিশোৰজন হঠাৎ দ' পানীত ডুব যোৱাৰ সময়তেই লগত থকা আন চাৰিজন কিশোৰ পানীৰ পৰা উঠি পাৰ পায় । কিন্তু পানীত ডুবি যোৱাৰ সময়তেই বচাওক বচাওক বুলি চিৎকাৰ কৰাৰ পাচতো কলঙৰ পাৰত থকা কোনো এজন লোকেই কিশোৰজনক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি নগ'ল ।  

আনকি কলঙৰ পাৰত থকা দুই যুৱকে কিশোৰজন ডুবি থকাৰ সময়তেই মোবাইলত ভিডিঅ' কৰি স্থান ত্যাগ কৰি আঁতৰি যোৱা বুলি উল্লেখ কৰে এগৰাকী প্ৰত্যক্ষদৰ্শী মহিলাই । লগে লগে হুৱাদুৱা লাগে সমগ্ৰ এলেকাটোত । কিশোৰজন কলঙত সন্ধানহীন হৈ পৰাৰ খবৰ পোৱাৰ লগে লগে পৰিয়ালৰ লোকৰ লগতে আত্মীয় তথা স্থানীয় লোক উপস্থিত হৈ কলঙত বিচাৰ খোচাৰ আৰম্ভ কৰে । নেহৰুবালিৰ গাতে লাগি থকা ভৰা কলঙত চাহিল বাস্ফৰ নামৰ এজন কিশোৰ সন্ধানহীন হোৱাৰ খবৰ লাভ কৰাৰ পাচতেই স্থানীয় আৰক্ষীও উপস্থিত হৈ এছ ডি আৰ এফৰ সহায়ত আৰম্ভ কৰে উদ্ধাৰ অভিযান । দুখনকৈ নাৱৰ সহায়ত এছ ডি আৰ এফে অভিযান অব্যাহত ৰাখিছে যদিও এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে উদ্ধাৰ হোৱা নাই কলঙত সন্ধানহীন হোৱা কিশোৰজন । 

লগতে পঢ়ক: কণমানি পুত্ৰৰ সন্মুখতে ডিমৌ নৈৰ বাঢ়নী পানীত উটি গ'ল পিতৃ - Missing In River

মঙলদৈত নোৱা নৈত গা ধুবলৈ গৈ মৃত্যু যুৱকৰ - Students Death By Drowning

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.