চিলাপথাৰত গোৰ্খা জনগোষ্ঠীৰ তীজ মহোৎসৱ পালন - Teej festival - TEEJ FESTIVAL
🎬 Watch Now: Feature Video


Published : Sep 15, 2024, 4:12 PM IST
জোনাই, ১৫ ছেপ্টেম্বৰ: ধেমাজি জিলাৰ চিলাপথাৰৰ ডিমৌত দিনজোৰা কাৰ্যসূচীৰে গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা নাৰী সমিতিৰ যৌথ উদ্যোগত এক উখল-মাখল পৰিৱেশত অনুষ্ঠিত হয় তীজ মহোৎসৱ ৷ এই অনুষ্ঠানটোত শনিবাৰে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কৰাৰ পিছত গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন নৃত্য-গীত প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷
ইফালে, উক্ত তীজ মহোৎসৱক লৈ ডিমৌ অঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ কৰা একাংশ লোকে গাঁৱৰ গোৰ্খা সমাজক বিভাজন বিচৰাৰ অভিযোগ উত্থাপন কৰিছে ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুমৰাজ পুৰীয়ে । লগতে গোৰ্খা ছাত্ৰ সন্থাৰ একাংশ ছাত্ৰ নেতাৰ মইমতালিক লৈ 'নেতাগিৰী হাতাও, গোৰ্খা ছাত্ৰ সস্থা বচাও' বুলি তুচ্ছ-তাচ্ছিল্য কৰা মন্তব্য লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুমৰাজ পুৰীয়ে ।