শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ প্ৰতিবাদত উত্তাল চচলৰ প্ৰতিবাদস্থলী - Teachers Protest in Assam

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 6:19 PM IST

thumbnail
শিক্ষকৰ প্ৰতিবাদত উত্তাল চচলৰ প্ৰতিবাদস্থলী (ETV Bharat Assam)

গুৱাহাটী,৫ ছেপ্টেম্বৰ: শিক্ষক দিৱসৰ দিনাই চচলৰ প্ৰতিবাদস্থলীত প্ৰতিবাদত বহিল ন্যাৰ্যপ্ৰাপ্তিৰ পৰা বঞ্চিত শিক্ষক-শিক্ষয়িত্ৰী । চাকৰি নিয়মীয়াকৰণৰ দাবীত সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাৰ উদ্যোগত বৃহস্পতিবাৰে প্ৰাপ্তিৰ পৰা বঞ্চিত কম্পিউটাৰ শিক্ষকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা নিযুক্ত ১৩২৬ গৰাকী কম্পিউটাৰ শিক্ষকক নিযুক্তি দিছিল চৰকাৰে । ২০০৪ ৰ পৰা ২০১৭ চনলৈ এইসকল শিক্ষকে কোম্পানীৰ অধীনত কৰিছিল চাকৰি । তাৰ পিছত চৰকাৰৰ অধীনলৈ আহে যদিও চাকৰি নিয়মীয়াকৰণৰ প্রতিশ্ৰুতি দিয়াৰ পিছতো তেওঁলোকৰ চাকৰি নিয়মীয়া নোহোৱাত আক্ষেপ প্ৰকাশ কৰে প্ৰতিবাদী শিক্ষকসকলে ।  

ইফালে প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত সদৌ অসম শিক্ষক কৰ্মচাৰী সন্থাৰ উদ্যোগতো চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক বঞ্চিত শিক্ষকে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে । চৰকাৰৰ হেমাহিৰ বাবে প্ৰায় পাঁচ হাজাৰ শিক্ষক প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত হ'ব লগা হোৱাত ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদী শিক্ষকসকলে । 

লগতে পঢ়ক: শিক্ষক দিৱস বৰ্জন অসম কলেজ শিক্ষক সংস্থাৰ - Teachers Day 2024

শিক্ষকসকল দিয়াচলাইৰ কাঠিৰ দৰে... শিক্ষক দিৱসত কিয় এইদৰে ক’লে অৱসৰপ্ৰাপ্ত অধ্যাপকে ? - Teachers Day 2024

আমাৰ যেন মূল্য নাই, শিক্ষাগত অৰ্হতা নাই ! দৈনিক ১৫০-২০০ টকা মজুৰিপ্ৰাপ্ত শিক্ষকৰ ক্ষোভ - Teachers Protest in Tinsukia

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.