শিক্ষক দিৱস বৰ্জন কৰি শিক্ষকৰ ধৰ্মঘট : ভাগ ল'লে ৰকিবুল হুছেইনেও - Teachers Day 2024

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 5:31 PM IST

thumbnail
শিক্ষক দিৱস বৰ্জন কৰি ধৰ্মঘট শিক্ষকৰ (ETV Bharat Assam)

জনীয়া,৫ ছেপ্টেম্বৰ: আজি শিক্ষক দিৱস । সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰতিটো শিক্ষানুষ্ঠানতে উদযাপন কৰা হৈছে শিক্ষক দিৱস । পিচে কলগাছিয়াত শিক্ষক দিৱসৰ কাৰ্যসূচী বৰ্জন কৰিলে শিক্ষক সন্থাই । বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতিৰ পৰিপন্থী আসোঁৱাহযুক্ত পদোন্নতি আৰু দৰমহা নিৰ্ধাৰণ তথা যোৱা 2023 চনৰ 8 নৱেম্বৰত জাৰি কৰা OM ৰ সংশোধনকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে অসম কলেজ শিক্ষক সন্থাৰ অন্তৰ্ভুক্ত নৱজ্যোতি মহাবিদ্যালয় শিক্ষক গোটে । তেওঁলোকৰ দাবী পূৰণ নহ'লে আন্দোলন অব্যাহত থাকিব বুলি উল্লেখ কৰে ।  

ইফালে এই কাৰ্যসূচী চলি থকা অৱস্থাত আন এক শিক্ষক দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে । কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ত শিক্ষক দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আলোচনী উন্মোচন কৰে সাংসদগৰাকীয়ে । ইয়াৰ পিছতে শিক্ষক গোটে শিক্ষক দিৱস বৰ্জন কৰি পালন কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীতো অংশগ্ৰহণ কৰে হুছেইনে । ভাষণত সাংসদগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি আগবঢ়াই সাৰুৱা ভাষণ । সমূহ শিক্ষা গুৰুক শ্ৰদ্ধা জ্ঞাপন কৰি আজিৰ দিনটোত কোনোধৰণৰ বিতৰ্কিত কথা নকয় বুলি কয় সাংসদ হুছেইনে ।

লগতে পঢ়ক: শিক্ষক দিৱস বৰ্জন অসম কলেজ শিক্ষক সংস্থাৰ - Teachers Day 2024

শিক্ষকসকল দিয়াচলাইৰ কাঠিৰ দৰে... শিক্ষক দিৱসত কিয় এইদৰে ক’লে অৱসৰপ্ৰাপ্ত অধ্যাপকে ? - Teachers Day 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.