আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতীয় ফুটবল দলৰ হৈ জিলিকিল ডিব্ৰুগড়ৰ তৰালী মিলি - Asian FUTSAL Championship

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 9:29 PM IST

thumbnail
ভাৰতীয় ফুটবল দলৰ হৈ উজলিল ডিব্ৰুগড়ৰ তৰালী মিলি (ETV Bharat Assam)

ডিব্ৰুগড়, 5 আগষ্ট : দেশৰ ক্ৰীড়াক্ষেত্ৰত জিলিকিছে অসম তথা ডিব্ৰুগড়ৰ খেলুৱৈ ৷ ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত অতি পিচপৰা চৰাইহাবি মিচিং গাঁৱৰ তেনেই এটি সাধাৰণ পৰিয়ালৰ জীয়াৰী তৰালী মিলিয়ে সুনাম কঢ়িয়াই আনিছে অসমলৈ ৷ নেপালত সদ্য সমাপ্ত Asian FUTSAL Football Championship-ত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে তৰালী মিলিয়ে ৷

ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবেই খেলৰ প্ৰতি ধাউতি থকা তৰালীক অভিভাৱকে 10 বছৰ বয়সতে নামভৰ্তি কৰাই দিছিল খোৱাঙত অৱস্থিত চিৰঞ্জীতা মহিলা ক্ৰীড়া বিদ্যালয়ত ৷ নিজৰ দক্ষতাৰ বাবেই প্ৰথমে জিলা পৰ্যায়ত আৰু পিচত ৰাজ্যিক পৰ্যায়ত Futsal Football-ত উজলি উঠা তৰালী নিৰ্বাচিত হৈছিল ভাৰতীয় ৰাষ্ট্ৰীয় দললৈ ৷

দেশৰ হৈ বিগত 28, 29 আৰু 30 জুলাইত নেপালত অনুষ্ঠিত Asian FUTSAL Football Championship-ত 19 বছৰৰ অনুৰ্দ্ধ শাখাত বিজয়ীৰ সন্মান লাভ কৰে তৰালীয়ে প্ৰতিনিধিত্ব কৰা ভাৰতীয় দলে ৷ এই সফলতা লাভ কৰি ডিব্ৰুগড়ৰ চৰাইহাবি মিচিং গাঁৱৰ নিজৰ ঘৰখনত খেলুৱৈগৰাকী উপস্থিত হোৱাৰ পাচতে উঠিছে আনন্দৰ লহৰ ৷ অতি ভিতৰুৱা গাঁওখনৰ এটি দৰিদ্ৰ পৰিয়ালৰ জীয়াৰী তৰালীৰ সফলতাত উৎফুল্লিত হৈ পৰিছে গাঁওবাসী ৷

লগতে পঢ়ক : পদক আনিব নোৱাৰিলেও লাভলীনাৰ প্ৰদৰ্শনত সুখী পিতৃ টিকেন বৰগোঁহাই - Paris Olympic 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.