তপন কুমাৰ গগৈয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিচত মাজুলীৰ বিজেপি কৰ্মীৰ মাজত আনন্দ-উল্লাস

🎬 Watch Now: Feature Video

thumbnail

মাজুলী, 4 মাৰ্চ : যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাবে তপন কুমাৰ গগৈৰ নাম ঘোষণা কৰাৰ পাচতেই আনন্দমুখৰ পৰিৱেশ পৰিলক্ষিত হৈছে মাজুলী জিলা বিজেপিৰ কাৰ্যালয়ত ৷ লোকসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক জিলাখনলৈ আদৰণি জনোৱাৰ লগতে আগন্তক নিৰ্বাচনক কেন্দ্ৰ কৰি মাজুলী জিলা বিজেপিৰ কাৰ্যালয়ত আজি অনুষ্ঠিত হয় মিত্ৰদলৰ এক বৈঠক ৷ বৈঠকত আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত ৰণকৌশল প্ৰস্তুত কৰে বিজেপি আৰু মিত্ৰদলসমূহে ৷

এই সভাত অংশগ্ৰহণ কৰি মাজুলী সমষ্টিৰ বিধায়ক ভুৱন গামে কয় যে, যোৰহাট সমষ্টিত গৌৰৱ গগৈ নালাগে ৰাহুল গান্ধী খেলিলেও হাৰিব ৷ আহি থকা নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীগৰাকীৰ জয় নিশ্চিত বুলি মন্তব্য কৰে বিধায়ক ভুৱন গামে ৷ তেওঁ লগতে কয় যে, লোকসভা নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীগৰাকীক মাজুলীৰ পৰা এক লাখ ভোট প্ৰদান কৰিব ৷ মাজুলীত বিগত 60 বছৰত নোহোৱা কাম বিজেপি চৰকাৰৰ দিনত হৈছে, গতিকে মাজুলীৰ ৰাইজে বিজেপি দলৰ প্ৰাৰ্থীগৰাকীক ভোট প্ৰদান কৰিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷
 

লগতে পঢ়ক : লখিমপুৰত পুনৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.