গুজৰাটত ৰঙৰ সলনি মুলতানি মাটিৰে হোলী উদযাপন - Holi celebration with multani mitti - HOLI CELEBRATION WITH MULTANI MITTI
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/25-03-2024/640-480-21070989-thumbnail-16x9-lur2w1r1.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Mar 25, 2024, 10:55 PM IST
নেশ্যনেল ডেস্ক, 25 মাৰ্চ : আজি ৰঙৰ উৎসৱ ফাকুৱা ৷ সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে এই ৰঙৰ উৎসৱ ৷ দেশৰ ভিন্ন প্ৰান্তৰ লগতে গুজৰাটতো আজি হোলী উদযাপন কৰিছে গুজৰাটবাসীয়ে । আহমেদাবাদৰ বিভিন্ন স্থানত হোলী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । হোলীৰ ৰং আৰু ডিজেৰ সুৰেৰে হোলী উদযাপন কৰা দেখা গৈছে সকলোকে ৷ পুৱাৰে পৰা সকলো লোকে বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে হোলী উৎসৱ উদযাপন কৰিছে ।
যদিও হোলীৰ এই ক্ষণত সকলো ঠাইতে ৰঙেৰে হোলী খেলা হৈছিল, গুজৰাটৰ চুৰাটত আয়োজিত এক হোলী কাৰ্যসূচীত উপস্থিত লোকসকলে মুলতানি মাটিৰে হোলী খেলি থকা দেখা গৈছিল । মুলতানি মাটি ছালৰ বাবে অতি উপকাৰী । সাধাৰণতে ৰাসায়নিক পদাৰ্থৰে তৈয়াৰ কৰা ৰঙে ছালৰ ক্ষতি কৰে, সেয়েহে চুৰাটৰ লোকসকলে এইবৰ্ষত ৰঙৰ সলনি পৰীক্ষামূলকভাৱে মুলতানি মাটিৰে হোলী উদযাপন কৰে ৷