কোনো ব্যৱসায়ীয়ে নিৰ্ধাৰিত দামতকৈ অধিক ল'লে স্থানীয় থানাত অভিযোগ দিয়ক: ৰণজিৎ কুমাৰ দাস - MINISTER RANJIT KUMAR DASS

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 7:31 PM IST

thumbnail
শাক-পাচলিৰ দাম বৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ দায়িত্বৰ কথা স্বীকাৰ যোগান মন্ত্ৰীৰ (ETV Bharat Assam)

গুৱাহাটী,২৮ আগষ্ট: শাক-পাচলিৰ দাম বৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ দায়িত্ব থকাৰ কথা স্বীকাৰ কৰে খোদ যোগান মন্ত্ৰীয়ে । যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়,"সমগ্ৰ দেশতে দাম বৃদ্ধি পাইছে । দেশৰ ৫৬ খন মহানগৰীত দামৰ ক্ষেত্ৰত খাদ্য যোগান মন্ত্ৰালয়ে নিৰিখ প্ৰকাশ কৰে । দেশৰ অন্য ৰাজ্যসমূহতকৈ অসমত দাম কম । দাম বৃদ্ধিৰ বাবে মইও ঘৰত গালি খাও । দাম বাঢ়িছে সেয়া আমিও দেখিছো তাক লৈ উদ্বিগ্ন । বজাৰত ব্যৱসায়ীসকলে অত্যাধিক দাম ললে এইক্ষেত্ৰত আয়ুক্তক চকু দিবলৈ নিৰ্দেশ দিয়া হৈছে । কোনো ব্যৱসায়ীয়ে নিৰ্ধাৰিত দামতকৈ অধিক ললে স্থানীয় থানাত অভিযোগ দিলে ব্যৱস্থা লম ।"  

লগতে তেওঁ কয়,"পশ্চিমবংগতো আলু পিঁয়াজৰ দাম বাঢ়িছে । পামহিত ৩০-৪০ টকীয়া শাক-পাচলি গুৱাহাটী পালেহি ৫০-৬০ টকা হয় বজাৰ ভেদে দাম বেছি হয় । এই পাৰ্থক্য নোহোৱা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।" আলু, পিয়াঁজৰ দৈনিক দামৰ নিৰিখ বজাৰ মূল্যৰ লগত পাৰ্থক্যৰ কথা স্বীকাৰ কৰি এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী দাসে । উল্লেখ্য যে, মহানগৰীৰ বজাৰত আলু, পিয়াজকে ধৰি শাক-পাচলিৰ মূল্যই জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক । বজাৰত আলু, পিয়াঁজে হাফ চেঞ্চুৰী অতিক্ৰম কৰিছে । 

লগতে পঢ়ক: জাতিগত প্ৰমাণ পত্ৰ ভুৱা মহবুবুল হকৰ ! গোচৰ তৰাৰ নিৰ্দেশ মুখ্য়মন্ত্ৰীৰ - USTM row

ভাৰত চৰকাৰে মুকলি কৰি দিলে বন্ধ হৈ থকা অসমৰ ৯,৩৫,৬৮২ গৰাকী লোকৰ আধাৰ কাৰ্ড - Assam CM Himanta Biswa Sarma

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.