মাজুলীত ফুটবল জ্বৰ: আন্তঃমাজুলী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি - INTER MAJULI FOOTBALL TOURNAMENT

By ETV Bharat Sports Team

Published : Aug 19, 2024, 10:09 PM IST

thumbnail
মাজুলীত ফুটবল প্ৰতিযোগিতা (ETV Bharat Assam)

স্প’ৰ্টছ ডেস্ক, 19 আগষ্ট: বৰদৈচিলা জে এছ স্প’ৰ্টছ ক্লাৱৰ উদ্যোগত যোৱা 28 জুলাইৰ পৰা অনুষ্ঠিত হোৱা আন্তঃমাজুলী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনৰ সামৰণি পৰে । দেওবাৰে অনুষ্ঠিত হোৱা ফাইনেল খেলখনিত বেঙেনাআটি এফ চি আৰু জাগৰণ এফ চিৰ মাজত অনুষ্ঠিত হয় ।

বৰদৈচিলা জে এছ স্প’ৰ্টছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত জাগৰণ এফ চি বিজয়ী দল হিচাপে পৰিগণিত হয় । প্ৰতিযোগিতাৰ ফাইনেল খেলত দেখা যায় শতাধিক দৰ্শকৰ উপস্থিতি । কোনোৱে যদি গছৰ ডালত বহি খেল উপভোগ কৰিলে, তেন্তে আন কোনোৱে আকৌ উঠিল ঘৰৰ ছালত ৷ মুঠতে সকলোৱে যেনেকৈ পাৰে, তেনেকৈয়ে ফুটবল খেল উপভোগ কৰা পৰিলক্ষিত হ’ল ।

লগতে পঢ়ক: ৰাখীবন্ধনত বিনেশ ফোগাটক কি উপহাৰ দিলে ভাতৃয়ে ? জানিবলৈ চাওক এই ভিডিঅ’ - VINESH CELEBRATES RAKSHABANDHAN

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.