পৰীক্ষা দিবলৈ আহি বিদ্যালয়ৰ সন্মুখতে মৃত্যু দুই ছাত্ৰীৰ
🎬 Watch Now: Feature Video
হাফলং, 9 মাৰ্চ : শনিবাৰে ডিমা হাছাও জিলাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত মৃত্যু হয় দুগৰাকী ছাত্ৰীৰ ৷ ডিমা হাছাও জিলাৰ দিয়ুংমুখ আৰক্ষী থানাৰ অন্তৰ্গত থাইযোৱাৰীত এখন বাহনৰ খুন্দাত মৃত্যু ঘটে দুই ছাত্ৰীৰ । জানিব পৰা মতে, শনিবাৰে পুৱা প্ৰায় 8:20 বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷
নিহত দুই ছাত্ৰীৰ নাম লাবাংদিচা (8) আৰু দেৱলিছা থাওচেন (11) বুলি জানিব পৰা গৈছে ৷ থাইজোৱাৰী সৰস্বতী বিদ্যামন্দিৰৰ নাৰ্ছৰি আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী আছিল ক্ৰমে নাইচাৰিংডি লাবাংদিচা আৰু দেৱলিছা থাওচেন ৷ থাইজোৱাৰী সৰস্বতী বিদ্যামন্দিৰৰ প্ৰধান শিক্ষককে জানিবলৈ দিয়া অনুসৰি, আজি পৰীক্ষা দিবলৈ আহোতেই বিদ্যালয়ৰ সন্মুখতে বাহন খুন্দা মাৰে দুই ছাত্ৰীক ।
তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ এই দুৰ্ঘটনাৰ পিচতে দিয়ুংমুখ আৰক্ষীক খবৰ দিয়া হয় ৷ খবৰ লাভ কৰাৰ পাচতে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ দুই ছাত্ৰীক হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু হাফলং অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে দুই ছাত্ৰীক মৃত বুলি ঘোষণা কৰে ।
ইফালে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকজন নিচাসক্ত আছিল ৷ যাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় ৷
লগতে পঢ়ক : ৰাজস্থানত শিৱৰাত্ৰিৰ শোভাযাত্ৰাত বিদ্যুৎস্পৃষ্ট ১৮ শিশু; এটিৰ অৱস্থা সংকটজনক