অংগনৱাড়ী কর্মী-সহায়িকাক ন্যায় প্ৰদানৰ দাবীত ৰঙিয়াত সংহতি দিৱস পালন - সংহত শিশু উন্নয়ন প্ৰকল্প
🎬 Watch Now: Feature Video
Published : Mar 4, 2024, 8:49 AM IST
ৰঙিয়া, 4 মাৰ্চ: অংগনৱাড়ী কর্মী-সহায়িকাৰ ন্যায্য প্ৰাপ্তিৰ দাবী জনায় দেওবাৰে ৰঙিয়াত সংহতি দিৱস পালন । দেওবাৰে অসম ৰাজ্যিক কৃষক সভাৰ সদস্যসকলে ৰঙিয়া চিপিআই এম কাৰ্যালয়ৰ পৰা বাহিৰ কৰে এটা সমদল ৷ ৰঙিয়া নগৰৰ মূল পথবোৰেৰে উলিওৱা সমদলটোৱে ৰঙিয়া হাইৱে চ’কত উপস্থিত হৈ এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ।
প্ৰতিবাদকাৰীসকলে কয়, "অসমৰ অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে বহু বছৰ ধৰি নিজৰ ন্যায্য প্ৰাপ্তিৰ বাবে আন্দোলন কৰি থকাৰ পিচতো শেহতীয়া বাজেটত তেওঁলোকৰ বাবে একো ঘোষণা কৰা নহ’ল । ফলত 13 ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ অসমতেই কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে । সংহত শিশু উন্নয়ন প্ৰকল্পৰ মহিলা কৰ্মীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে । অৱশেষত প্ৰতিবাদকাৰী মহিলাসকলৰ আন্দোলনৰ প্ৰতি সঁহাৰি জনায় চৰকাৰে আলোচনালৈ মাতিছে অংগনৱাড়ী কর্মী-সহায়িকাসকলক ।"
লগতে পঢ়ক: মজুৰি দিব নোৱাৰিলে মাননি বৃদ্ধি কৰাৰ দাবী