thumbnail

সৰবৰাহকাৰীসহ কৰিমগঞ্জৰ কান্দিগ্ৰামত 4 কোটি টকাৰ য়াৱা টেবলেট জব্দ - Yaba Tablets Seized

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 9:33 AM IST

কৰিমগঞ্জ, 11 জুলাই : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষী কঠোৰ অভিযান অব্যাহত ৰখাৰ মাজতো সৰবৰাহকাৰীয়ে ন ন কৌশল অৱলম্বন কৰি চলাই গৈছে এই বেহা ৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এইবাৰ কৰিমগঞ্জ আৰক্ষীয়ে বুজন‌ পৰিমাণৰ ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হৈছে এটা ড্ৰাগছ‌ সৰবৰাহকাৰী ৷

কৰিমগঞ্জ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে লাভ কৰিছিল ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত এক তথ্য ৷ এই তথ্যৰ ভিত্তিতে কৰিমগঞ্জৰ কান্দিগ্ৰামত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত চলোৱা হয় এক অভিযান ৷ এই অভিযানত আৰক্ষীৰ দলটোৱে 8 হাজাৰ য়াৱা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে আৰক্ষীয়ে মিনাজ উদ্দিন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰে ৷

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, জব্দকৃত য়াৱা টেবলেটখিনিৰ মূল্য 4 কোটি টকা ৷ বৰ্তমান ধৃত মিনাজ উদ্দিনক বদৰপুৰৰ থানাত ৰখা হৈছে ৷ লগতে এই সৰবৰাহত আৰু কোন জড়িত আছে সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : কাছাৰত বৃহৎ পৰিমাণৰ য়াবা টেবলেটসহ গ্ৰেপ্তাৰ তিনি মিজো সৰবৰাহকাৰী - DRUGS SEIZED

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.